অসম

বৰমাত অবৈধ সুৰা জব্দ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বাক্সা জিলাৰ বৰমা থানাৰ অন্তৰ্গত বৰকুছিজাৰ গাঁৱৰ হৰেন্দ্ৰনাথ বসুমতাৰীৰ নিজ গৃহ আৰু দোকানৰ পৰা বৃহস্পতিবাৰে নিশা প্ৰায় ৭২ কাৰ্টন অবৈধ সুৰা জব্দ কৰে আৰক্ষীয়ে।

বাক্সা জিলা আৰক্ষী অধীক্ষক, উপ আৰক্ষী অধীক্ষক আৰু বৰমা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত যোৱা এটি বৃহৎ আৰক্ষীৰ দলে বহু দিনৰ পৰা অবৈধভাৱে চলাই থকা সুৰাৰ বেহা উৎখাত কৰিবলৈ সক্ষম হয়।

জব্দ হোৱা সুৰাখিনি ভূটান আৰু ভাৰতৰ বুলি তথ্য পোহৰলৈ আহিছে। লক্ষাধিক টকাৰ সুৰাখিনি জব্দ কৰি বৰমা থানালৈ লৈ আহে আৰক্ষীয়ে। উল্লেখ্য যে বিশেষভাৱে সক্ষম হৰেন্দ্ৰনাথ বসুমতাৰীয়ে নিজৰ ঘৰৰ পৰাই চলাই আহিছিল অবৈধ সুৰাৰ বেহা।