অসম

বৰমাত চড়ক পূজা পালন

Asomiya Pratidin

ডিজিটেল সংবাদ, বাক্সাঃ বঙালী সম্প্ৰদায়ৰ লোকসকলে চ'ত মাহৰ ৩১ তাৰিখে প্ৰতিবছৰে পালন কৰি অহা চড়ক পুজা আজিও বাক্সা জিলাৰ বৰমা আৰক্ষী থানাৰ অন্তৰ্গত মুৰমেলাত আবেলি অনুষ্ঠিত হয়। এই পূজাত বৰশীৰে পিঠিত বিন্দাই পৰম্পৰাগত ভাৱে কৰি অহা খেল পৰিৱেশন কৰা হয়।

কেইবাটাও অদ্ভুত খেল পৰিৱেশ কৰি উপস্থিত সহস্ৰাধিক ৰাইজক আমোদ দিয়ে। প্ৰায় ৭৪ বছৰ ধৰি চলি থকা চড়ক পুজা অনুষ্ঠানৰ জৰিয়তে দেওধনি দিয়া লোকসকলক সেৱাও জনায় উপস্থিত লোকসকলে।সম্পূৰ্ণ নদিন ধৰি শিৱক পূজা আৰাধনা কৰাৰ অন্তত আজি বঙালী সম্প্ৰদায়ৰ লোকসকলে চড়ক পূজা পালন কৰে।হেজাৰ হেজাৰ ভক্তৰে ভৰি পৰে চড়ক পূজাস্থলী ।