বৰপেটাৰোড ৰে'ল ষ্টেচনত নগদ ৪০ লাখ টকা জব্দ... 
বৰপেটা

বৰপেটাৰোড ৰে'ল ষ্টেচনত নগদ ৪০ লাখ টকা জব্দ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ নিশা বৰপেটাৰোড ৰে'ল ষ্টেচনত বৃহৎ পৰিমাণৰ নগদ ধন জব্দ কৰিবলৈ সক্ষম হৈছে ৰে'ল আৰক্ষীয়ে। জানিব পৰা মতে বৰপেটাৰ গৰেমাৰীৰ তিনি যুৱকে ককালত বিশেষ পদ্ধতিৰে লুকুৱাই আনিছিল নগদ ৪০ লাখ টকা।

ধৃত যুৱক তিনিজন ক্ৰমে ৰিংকু মিয়া, আখটাৰ হুছেইন আৰু নজৰুল ইছলাম। এই ঘটনাক লৈ বৰপেটাত সৃষ্টি ব্যাপক চাঞ্চল্য। প্ৰাপ্ত তথ্য মতে যুৱক তিনিজনে বৰপেটাৰোড ৰেল ষ্টেচনৰ পৰা কাঞ্চনজংঘা এক্সপ্ৰেছ যোগে শিলচৰলৈ যোৱাৰ কথা আছিল ৷

বগা সূতাৰ কাপোৰেৰে বিশেষ ভাৱে চিলাই কৰা তিনিখন বেগত অতি কৌশলেৰে কঁকালত বান্ধি শিলচৰলৈ ধনখিনি সৰবৰাহ কৰিব বিছাৰিছিল যুৱক তিনিজনে ৷ ইপিনে যুৱক তিনিজনে ইমান বৃহৎ পৰিমাণৰ ধন কিয় এনেদৰে কঁকালত বান্ধি লুকুৱাই আনিছিল তাকে লৈ নানা প্ৰশ্নৰ উদয় হৈছে ৷

অৱশ্যে একাংশ লোকে ধনখিনি বাৰ্মিজ চুপাৰি ব্যৱসায়ৰ বুলি সন্দেহ কৰিছে। ৰহস্যজনকভাবে ৰে'ল আৰক্ষীয়ে ধন উদ্ধাৰৰ ঘটনা সম্পৰ্কে সাংবাদিকক কোনো তথ্য দিয়াৰ পৰা বিৰত আছে ৷ সম্প্ৰতি ৰে'ল আৰক্ষীয়ে ধনখিনি জব্দ কৰাৰ লগতে তিনিও যুৱকক সোধপোচ অব্যাহত আছে ৷