অসম সাহিত্য সভাৰ পাঠশালা অধিবেশনৰ প্ৰস্তুতি আৰম্ভঃ ৯ খন উপ-সমিত গঠন... 
বৰপেটা

অসম সাহিত্য সভাৰ পাঠশালা অধিবেশনৰ প্ৰস্তুতি আৰম্ভঃ ৯ খন উপ-সমিতি গঠন...

Asomiya Pratidin

ডিজিটেল সংবাদ পাটাছাৰকুছিঃ আগন্তুক ৭৭ সংখ্যক পাঠশালা অধিবেশনৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে৷ কেইবা শ লোকৰ অন্তৰ্ভুক্তিৰে এখনি আদৰণি সমিতি গঠন কৰাৰ পিছত আজি ৯ খন উপ-সমিতি গঠনত আনুষ্ঠানিক অনুমোদন জনোৱা হয়৷

ইতিমধ্যে কাৰ্যালয় উপ-সমিতিয়ে আজিৰে পৰা আৰম্ভ কৰিলে কাম-কাজ৷ ৯ খন উপ-সমিতিৰ আনুষ্ঠানিকভাবে অনুমোদন ঘোষণা কৰা হৈছে৷ আজি সন্ধিয়া পাঠশালা শাখা সাহিত্য সভাৰ কাৰ্যালয়ত পতা সংবাদমেলত আদৰণি সমিতিৰ সভাপতি স্থানীয় বিধায়ক তথা জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, কাৰ্যকৰী সভাপতি প্ৰফুল্ল কুমাৰ গোস্বামী, সাধাৰণ সম্পাদক গিৰিধৰ চৌধুৰীৰ লগতে আন আন বিষয়ববীয়া উপস্থিত থাকে৷

আগন্তুক অধিবেশন সাফল্যমণ্ডিত তথা সৰ্বাংগ সুন্দৰ কৰাৰ স্বাৰ্থত অধিবেশনৰ বাবে প্ৰদান কৰা দায়িত্বক সৰু, ডাঙৰ বুলি বিবেচনা নকৰি নিষ্ঠা সহকাৰে পালন কৰাৰ বাবে সভাপতি ৰণজিৎ কুমাৰ দাসে আহ্বান জনায়৷ এই ক্ষেত্ৰত এক প্ৰকাৰে এক জাগৰণ গঢ়ি তোলাৰ বাবে সংবাদকৰ্মীসকলক অনুৰোধ জনাই আৰু কাম কৰাৰ সময় ইতিমধ্যে আৰম্ভ হৈছে বুলি মন্তব্য কৰে৷

এই অধিবেশনত বাণিজ্য মেলাৰ পৰিৱৰ্তে থাকিব বিজ্ঞান মেলা, কৃষি মেলা, বজালী হাট আদি। এনে ব্যৱস্থাৰে অধিবেশন অধিক আকৰ্ষণীয় কৰা হ'ব বুলি জানিবলৈ দিয়ে৷

আজি গঠন কৰা উপ-সমিতিসমূহ হল কাৰ্যালয় উপ-সমিতি, বিত্ত উপ-সমিতি, স্মৃতিগ্ৰন্থ উপ-সমিতি, সাংস্কৃতিক উপ-সমিতি, বিজ্ঞান মেলা উপ-সমিতি, প্ৰকাশন উপ-সমিতি, শীৰ্ষ গীত নিৰ্বাচন আৰু পৰিকল্পনা সমিতি, আবাস উপ-সমিতি আৰু আইন উপ-সমিতি৷