বৰপেটা

অসম আন্দোলনৰ নেতা মুকুল দাস আৰু নাই

Asomiya Pratidin

ডিজিটেল ডেস্ক : অসম আন্দোলনৰ নিৰ্যাতিত তথা অবিভক্ত কামৰূপ জিলা ছাত্র সন্থাৰ প্ৰাক্তন ছাত্ৰ নেতা, অগপ দলৰ জ্যেষ্ঠ নেতা তাৰোপৰি বৰপেটা পৌৰসভাৰ প্ৰাক্তন পৌৰপতি, সমাজ কৰ্মী মুকুল দাস আৰু নাই। বুধবাৰে সন্ধিয়া ৮ -৩০ বজাত দাসৰ পৰলোকপ্ৰাপ্তি ঘটে।

উল্লেখ্য যে, তেওঁ কেইবাদিন ধৰি গুৱাহাটীস্থিত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। তেখেতৰ মৃত্যুৰ বাতৰিত বৰপেটা চহৰত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।

আত্মীয়ৰ ভাষ্য অনুসৰি তেখেতে সমাজ জীৱনৰ লগত ইমানেই জড়িত হৈ আছিল যে নিজৰ সংসাৰখন গঢ় দিবলৈকে সময়কণ উলিয়াব নোৱাৰিলে। দাস বৰপেটা সমাজ জীৱনৰ জীয়া ইতিহাস আছিল।

ইয়াৰোপৰি তেওঁৰ কাষত বহি বহু নজনা কথা জানিবলৈ নতুন প্ৰজন্মই সুবিধা পাইছিল বুলি উল্লেখ কৰাৰ লগতে প্ৰয়াত দাসৰ কথনশৈলী সুকীয়া আছিল বুলি প্ৰতিবেশীয়ে মন্তব্য কৰে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু মন্ত্ৰী প্ৰয়াত ভৃগু কুমাৰ ফুকনৰ সৈতে একেলগে অসম আন্দোলনৰ নেতৃত্ব দিছিল মুকুল দাসে। লগতে দৈনিক অসম কাকতৰ বৰ্তমানৰ সম্পাদক ড⁰ হিতেশ ডেকা অবিভক্ত কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি হৈ থাকোঁতে সাধাৰণ সম্পাদকৰ গুৰু দায়িত্ব পালন কৰিছিল মুকুল দাসে।

আনহাতে অতুল বৰা, কেশৱ মহন্তই সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি, সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত মুকুল দাসে সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। পৰৱৰ্তী সময়ত আঞ্চলিকতাবাদত বিশ্বাসী মুকুল দাসে অসম গণ পৰিষদত যোগদান কৰি বৰপেটা পৌৰসভাৰ পৌৰপতি হিচাপে নিৰ্বাচিত হৈছিল।

উল্লেখযোগ্য যে, অসম আন্দোলনৰ সময়ত সেইসময়ৰ শাসক পক্ষই মুকুল দাসক কেইবাবাৰো পুলিচৰ হতুৱাই নিৰ্মম অত্যাচাৰ কৰাৰ ফলত তেওঁৰ এখন ভৰি চিৰদিনৰ বাবে অকামিলা হৈ পৰিছিল। আন্দোলনৰ সময়ৰ পৰাই এডাল লাখুটিৰ সহায়ত জীৱন অতিবাহিত কৰা নেতাগৰাকীয়ে সাংসাৰিক দায়িত্বৰ পৰাও আঁতৰি থাকিব লগা হৈছিল।

মুকুল দাসৰ মৃত্যুত তেওঁৰ সতীৰ্থ তথা প্ৰাক্তন ছাত্ৰ নেতা যুগান্ত বায়ন, বিৰিঞ্চি পৰাণ বৈশ্য, ধ্বজেন দাস, মন্তো ওজাৰ লগতে প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস আৰু অসম বিধান সভাৰ প্ৰাক্তন প্ৰধান সচিব হেমেন দাসে গভীৰ শোক প্ৰকাশ কৰিছে।