৩ নতুন আইন সন্দৰ্ভত বজালী জিলা আৰক্ষীৰ সজাগতা সভা... 
বৰপেটা

৩ নতুন আইন সন্দৰ্ভত বজালী জিলা আৰক্ষীৰ সজাগতা সভা...

Asomiya Pratidin

ডিজিটেল সংবাদ পাঠশালাঃ ভাৰতবৰ্ষৰ ন্যায় ব্যৱস্থাত আজি এক ঐতিহাসিক দিন। ব্ৰিটিছ শাসন কালতে প্ৰৱৰ্তন কৰা তিনিখনকৈ‌ আইন আজিৰে পৰা বাতিল কৰি তাৰ ঠাইত সমগ্ৰ দেশতে নতুনকৈ বলৱৎ কৰা হৈছে তিনিখন নতুন আইন ক্ৰমে ক্ৰমেভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম।

এই নতুনকৈ প্ৰৱৰ্তন কৰা আইন কেইখনৰ সম্পৰ্কত আজি বজালী আৰক্ষীয়ে পাঠশালা আৰক্ষী থানাৰ উদ্যোগত পাঠশালা হৰিমন্দিৰ প্ৰাংগণস্থিত নাট্য মন্দিৰত অনুষ্ঠিত কৰা হয় এক সজাগতা সভা। বজালী জিলাৰ বহু সংখ্যক বিশিষ্ট লোক,দল সংগঠনৰ ব্যক্তি উপস্থিত থাকে এই সভাত।

সভাত‌ নতুন আইন কেইখনৰ বিষয়ে উপ-আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাই ৰাইজৰ উদ্দেশ্যে আইনখনৰ বিষয়ে বিতংভাবে জনায়। উপস্থিত জেষ্ঠ অধিবক্তাসকলে ৰাইজক আইনখনৰ বিষয়ে অৱগত কৰাৰ লগতে নতুন আইন কেইখনৰ জৰিয়তে সৰ্বসাধাৰণ ৰাইজ উপকৃত হ'ব বুলিও বক্তব্য আগবঢ়ায় ।

অনুষ্ঠানত উপস্থিত থাকে বজালী জিলাৰ আৰক্ষী অধীক্ষক অজাগৰণ বসুমতাৰী, জ্যেষ্ঠ অধিবক্তা গিৰীধৰ চৌধুৰী,পাঠশালা পৌৰ সভাৰ পৌৰপতি জ্বলি চৌধুৰী, উপ-পৌৰপতি ৰাতুল ৰয়,পাঠশালা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপজ্যোতি পাটিৰি, আৰক্ষী বিষয়া বিষ্ণু প্ৰসাদ ভূঞা, পাঠশালা প্ৰেছ ক্লাৱ, বজালী জিলা যুৱ সাংবাদিক সন্থা, বজালী জিলা ডিজিটেল মিডিয়া সন্থা,পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে বজালীৰ দল সংগঠনৰ ব্যক্তিসকল উপস্থিত থাকে।