বৰপেটা

বৰনগৰ ব’হাগী উৎসৱৰ স্মৃতিগ্ৰন্থ "বৰতি" উন্মোচন

Asomiya Pratidin

ডিজিটেল সংবাদ,সৰভোগ : "ব'হাগ বিহু অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ বাবে প্ৰাণ বিন্দু। ই আমাৰ চেতনাৰ অংগ,জাতীয় স্বাভিমান। বিহু আছে বাবেই আমি সকলোৱে প্ৰীতিৰ এনাজৰীৰে বান্ধ খাই আছো।" এই মন্তব্য অসমৰ বিশিষ্ট নাট্যকাৰ, পৰিচালক, সাহিত্যিক ধ্ৰুৱজ্যোতি শৰ্মাৰ।

বৰনগৰ আৰ্থ সামাজিক উন্নয়ন সমিতি আৰু এড্যু কালচাৰেল পইণ্ট, সৰভোগৰ উদ্যোগত চতুৰ্থ বাৰ্ষিক বৰনগৰ ব’হাগী উৎসৱৰ বৃহস্পতিবাৰে সামৰণি পৰে। সামৰণি অনুষ্ঠানত স্মৃতিগ্ৰন্থ " বৰতি " উন্মোচন কৰে সাহিত্যিক-নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাই।

উন্মোচন কৰি বিশিষ্ট কথাবাচকগৰাকীয়ে আকৌ কয়- প্ৰতিভা দিব্য চেতনাৰ নান্দনিক স্তৰ । প্ৰতিভাশালী মানুহ ভিৰৰ মাজতো জিলিকি থাকে। যিদৰে তৰাৰ মাজত জোনৰ জিলিঙণি । তেনে প্ৰতিভাধৰ মানুহক বৰনগৰ গৌৰৱ আৰু প্ৰেৰণা বঁটা প্ৰদান কৰা বাবে সমিতি সাধুবাদৰ প্ৰাপ্য।

উল্লেখযোগ্য ৩ আৰু ৪ ব’হাগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সৰভোগৰ মা শ্ৰীশ্ৰী তোলোলীয়া গোঁসাই থানত অনুষ্ঠিত হয় বসন্তৰ এই বাৰেৰহণীয়া উৎসৱ ৷ ৩ ব’হাগৰ দিনা পুৱা ৯-০০ বজাত পৰিচালনা সমিতিৰ সভাপতি দীপক শৰ্মাই পতাকা উত্তোলন কৰে ৷ ৯-৩০ বজাত বিশিষ্ট চিত্ৰশিল্পী দিলীপ কুমাৰ নাথে স্মৃতি তৰ্পণ কৰে ৷

উক্ত দিনটোতে ১১-০০ বজাত পৰিচালনা সমিতিৰ চিত্ৰাংকন বিভাগীয় আহ্বায়ক দিলীপ কুমাৰ নাথৰ পৰিচালনাত ৩ টাকৈ শাখাত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ ১২ বাজি ৩০ বজাত বঁটা বিতৰণী সভা অনুষ্ঠিত হয় ৷ ১ বজাত ভেশচন প্ৰতিযোগিতা আৰু ২ বজাত বঁটা বিতৰণী সভা অনুষ্ঠিত হয় ৷

বৰনগৰ ব'হাগী উৎসৱ -২০২৪ ৰ দ্বিতীয় তথা অন্তিম দিনৰ কাৰ্যসূচী হিচাপে প্ৰয়াত তৰুণ চন্দ্ৰ ৰাজবংশীৰ পৱিত্ৰ সোঁৱৰণত বৰনগৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° বীৰেন কুমাৰ চক্ৰবৰ্ত্তীক বৰনগৰ প্ৰেৰণা বঁটা-২৪ আৰু প্ৰয়াত বীৰেন্দ্ৰ নাৰায়ণ অধিকাৰীৰ পৱিত্ৰ সোঁৱৰণত বীৰনামৰ পাঠক,সাংস্কৃতিক ক্ষেত্ৰখনত ওতপ্ৰোতভাৱে জড়িত তথা অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ ভবানন্দ পাঠকক বৰনগৰ গৌৰৱ বঁটা-২০২৪ প্ৰদান কৰে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৰা আয়োজিত অসম সাংস্কৃতিক মহাসংগ্ৰাম-২৪ চূড়ান্ত প্ৰতিযোগিতাত তৃতীয় স্থান পাবলৈ সক্ষম হোৱা প্ৰিয়ংকা ৰায় এণ্ড গ্ৰুপ(E.C.P)আৰু তানিছা নাছৰিন এণ্ড গ্ৰুপকো বিশেষভাৱে সম্বৰ্ধনা জনায়।

এইবর্ষৰ মুখপত্ৰ বৰতি উন্মোচন কৰে সাংবাদিক তথা নাট্যকাৰ, পৰিচালক ধ্ৰুৱজ্যোতি শৰ্মাই ৷ তেওঁ মুখপত্ৰখন দলিল স্বৰূপ 'হব বুলিও মন্তব্য কৰে ৷ ইয়াৰ পিছতে সদৌ অসম ভিত্তিত সৰু বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ এই প্ৰতিযোগিতাৰ বিজয়ী তথা চিত পখিলী-২০২৪ খ্যাত প্ৰতিযোগী হৈছে অস্মিতা দাস ৷

এই কাৰ্যসূচীৰ আৰম্ভণিতে বৰপেটা জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া ৰাতুল কুমাৰ দাস, কিঞ্চিৎ সাংস্কৃতিক গোষ্ঠীৰ প্ৰতিষ্ঠাপক তথা সম্পাদক ড৹ মৃণাল কুমাৰ ভৌমিক,মইনবড়ী সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ গণেশ চন্দ্ৰ অধিকাৰী,ঘিলাঝাৰী সত্ৰৰ সত্ৰাধিকাৰ দ্বীপেন্দ্ৰ নাৰায়ণ অধিকাৰীকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনায় ৷ অনুষ্ঠানৰ উদ্দেশ্য বাখ্যা কৰে অনিল কুমাৰ দাসে।

নিশা লোক-কৃষ্টিমূলক নৃত্যানুষ্ঠানৰ লগতে সংগীতানুষ্ঠান আৰম্ভ হয় ৷ কলাংগন সাংস্কৃতিক গোষ্ঠী(বৰপেটা), পালেংবাৰীৰ জীৱন লগৰী বিহু দল আৰু স্থানীয় লোকশিল্পীৰ দ্বাৰা সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হয় ৷

এই সমগ্ৰ কাৰ্যসূচীতে এড্যু কালচাৰেল পইণ্টৰ প্ৰতিষ্ঠাপক বিমান দাস, সাংবাদিক নীতিশ পাটগিৰি, বৰনগৰ সাহিত্য সভাৰ সভাপতি দীনেশ নাথ, সম্পাদক প্ৰাণজিৎ দাস, অপূৰ্ব অধিকাৰী, জুনু তালুকদাৰ, নমিতা পাটগিৰি প্ৰমুখ্যে ব্যক্তি সকল উপস্থিত থাকে ৷