বৰপেটা

৬ বছৰীয়া শিশু হত্যাকাণ্ড! কিশোৰক আটক

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বৰপেটাৰ বাঘবৰৰ মৌৰীগাঁৱৰ জঘন্য শিশু হত্যাৰ সৈতে জড়িত কিশোৰক গ্ৰেপ্তাৰ। এই ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। দোষীক উপযুক্ত শাস্তিৰ দাবীত মন্দিয়া হাইস্কুল খেলপথাৰৰ পৰা মন্দিয়া চহৰৰ মাজেৰে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ বিশাল প্ৰতিবাদী শোভাযাত্ৰা ৷

উল্লেখ্য যে, বৰপেটাৰ মন্দিয়াৰ সমীপৰ মৌৰীগাঁৱৰ তাৰিফ উদ্দিন ওৰফে টিপু নামৰ লোকজনৰ ঘৰৰ চোতালত সোমবাৰে উদ্ধাৰ হৈছিল ৬বছৰীয়া শিশুৰ মৃতদেহ।বৃহস্পতিবাৰৰ পৰা সন্ধানহীন হৈ থকা শিশুটোৰ মৃতদেহ উদ্ধাৰৰ ঘটনাক সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ ।

তাৰিফ উদ্দিন ওৰফে টিপুৰ ঘৰৰ চোতালত বস্তাৰ ভিতৰত কণমানিটোৰ মৃতদেহ উদ্ধাৰৰ পিছতে বৰপেটাৰ উচ্চপদস্থ আৰক্ষী বিষয়া উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছিল। লগতে তাৰিফ উদ্দিন ওৰফে টিপু সহ পৰিয়ালৰ সদস্যক আটক কৰি আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত ।

অৱশেষত তাৰিফ উদ্দিন ওৰফে টিপুৰ কিশোৰ পুত্ৰ এই হত্যাৰ ঘটনাৰ সৈতে জড়িত থকাৰ নিশ্চিত তথ্য লাভ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ৷ আনকি হত্যাৰ ঘটনাটোৰ বিষয়ে আৰক্ষীৰ আগত স্বীকাৰ কৰা বুলিও জানিব পৰা গৈছে ৷

 অৱশ্যে কিয় এই হত্যাকাণ্ড সংঘটিত হয় এতিয়ালৈকে জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।