বৰপেটা

বৰপেটাৰোডত চুৰি লোহা ভৰ্তি ট্ৰাক জব্দ আৰক্ষীৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,সৰভোগঃ বৰপেটাৰোডৰ সাতবইনীৰটুপত এখন সামগ্ৰী ভৰ্তি ট্ৰাক জব্দ কৰে বৰপেটাৰোড আৰক্ষীয়ে। ডিমাপুৰৰ পৰা আহি বৰপেটাৰোডৰ সাতবইনীৰটুপৰ এম.এছ. বিশ্বকৰ্মা এণ্টাৰপ্ৰাইজত খালি কৰিবলৈ আহিছিল ভঙা লোহা ভৰ্তি ট্ৰাকখন। সেই সময়তে WB5M-1569 নম্বৰৰ ট্ৰাকখন ৰাইজৰ ৰোষত পৰে।

জানিব পৰা মতে ট্ৰাকখনৰ নম্বৰ প্লেটত কিছু বিসংগতি থকা বাবে এম.এছ.বিশ্বকৰ্মা এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী খগেন ঘোষৰ ট্ৰাকখনক লৈ সন্দেহ উপজে। লগে লগে ঘোষে বৰপেটাৰোড থানাত অৱগত কৰাত আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয়।

ট্ৰাকখনৰ পৰা কেইবা লাখৰ ভঙা লো আৰু চুৰি সামগ্ৰী জব্দ কৰিছে আৰক্ষীয়ে।ইফালে আৰক্ষীক খবৰ কৰা ফলত খগেন ঘোষক ফোনযোগে ভাবুকি দিয়ে বিজনীৰ কুখ্যাত চোৰ আব্দুল আলীয়ে। উল্লেখ্য যে, বিজনীৰ কুখ্যাত চোৰ আব্দুল হাই নাগৰি আৰু আব্দুল আলীয়ে দীৰ্ঘদিনৰ পৰা চোৰাং ব্যৱসায় চলাই থকা বুলি জানিব পৰা গৈছে।