অগ্ৰণী খবৰ 
বৰপেটা

বিশিষ্ট সাহিত্যিক সতীশ চন্দ্ৰ চৌধুৰীৰ স্মৃতিত পাঠশালা শিক্ষাপীঠ আদৰ্শ বুনিয়াদী হাইস্কুলত শোকসভা

Asomiya Pratidin

ডিজিটেল সংবাদ, পাটাছাৰকুছি : অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক আৰু প্ৰাক্তন উপসভাপতি, অক্লান্ত সমাজ কৰ্মী, কৃতী শিক্ষক তথা প্ৰাক্তন সাংবাদিক সতীশ চন্দ্ৰ চৌধুৰীৰ স্মৃতিত মঙলবাৰে পাঠশালা শিক্ষাপীঠ আদৰ্শ বুনিয়াদী হাইস্কুলত এখনি শোকসভা অনুষ্ঠিত হয় ৷ পাঠশালা শিক্ষাপীঠ, পাঠশালা শিক্ষাপীঠ আদৰ্শ বুনিয়াদী হাইস্কুল আৰু পাঠশালা শিক্ষাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী-কৰ্মচাৰীৰ উপস্থিতিত শোকসভাখনি অনুষ্ঠিত কৰা হয়।

শোকসভাত বিদ্যালয়ৰ প্ৰধান শিক্ষক উৎপল বৰকাকতি, সহকাৰী প্ৰধান শিক্ষক জগদীশ চন্দ্ৰ ৰয়, পৰিচালনা সমিতিৰ সদস্য তথা শিক্ষক নন্দ দুলাল চৌধুৰী, বুনিয়াদী শাখাৰ সহকাৰী প্ৰধান শিক্ষক কৃষ্ণ শৰ্মাই প্ৰয়াত চৌধুৰীৰ সমাজ জীৱনত তেওঁৰ অৱদান সম্পৰ্কে ব্যাখ্যা কৰে ৷ শিক্ষক নন্দ দুলাল চৌধুৰীয়ে অনুষ্ঠানটোৰ আঁত ধৰি চৌধুৰীৰ সৈতে কটোৱা সান্নিধ্যৰ অভিজ্ঞতাই ৰেখাপাত কৰাৰ কথা উল্লেখ কৰে।

তেঁও লগতে সাহিত্যিকগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰত এক অপূৰণীয় ক্ষতি বুলি কয় ৷ চৌধুৰীৰ মৃত্যুত পাঠশালা শিক্ষাপীঠ পৰিয়ালবৰ্গই তেওঁৰ আত্মাৰ সদ্‌গতিৰ অৰ্থে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে ৷ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদন জ্ঞাপন কৰে।