সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰে 'আইৰন গাৰ্লছ' ৰ কলা-কুশলীৰ বৈঠক... 
বৰপেটা

সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰে 'আইৰন গাৰ্লছ' ৰ কলা-কুশলীৰ বৈঠক...

Asomiya Pratidin

ডিজিটেল সংবাদ পাটাছাৰকুছি: আজি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা আৰু অধ্যাপক,পৰিচালক ৰাজেন দাস পৰিচালিত চলচ্চিত্ৰ “আইৰন গাৰ্লছ“ৰ পৰিচালক, কলা-কুশলীৰ মাজত এক সৌজন্যমূলক বৈঠক অনু্ষ্ঠিত হয়৷ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ জনতা ভৱনৰ চৰকাৰী কাৰ্যালয় কক্ষত অনুষ্ঠিত এই বৈঠকত উপস্থিত থাকে “আইৰন গাৰ্লছ“ৰ পৰিচালক ৰাজেন দাস, মুখ্য অভিনেতা পদ্মশ্ৰী দ্ৰোণ ভূঞা, অভিনেত্ৰী আশা বৰদলৈ, সহকাৰী প্ৰযোজক মিনাক্ষী দাস, অভিনেতা বিশাল স্বৰ্গীয়াৰী, গৌতম কুমাৰ আৰু শিশু শিল্পী পাৰ্থিৱ পিনাক৷

এই বৈঠকত অসমৰ বিলুপ্তপ্ৰায় লোকশিল্পসমূহৰ সংৰক্ষণ, সংবৰ্ধন আৰু বিশ্বজনীন প্ৰসাৰৰ ওপৰত আলোচনা হয়৷ অসমৰ বিশিষ্ট লোকশিল্পী পদ্মশ্ৰী দ্ৰোণ ভূঞাৰ জীৱন সংগ্ৰাম আৰু ওজাপালি -দেওধনীৰ ওপৰত প্ৰয়াস কৰা প্ৰচেষ্টাৰ সাংস্কৃতিক মন্ত্ৰীয়ে শলাগ লয় আৰু শুভেচ্ছা জ্ঞাপন কৰে৷

“আইৰন গাৰ্লছ“ৰ পৰিচালক ৰাজেন দাসে বৈঠকত অসমৰ লোকশিল্প ওপৰত অব্যাহত ৰখা প্ৰয়াসৰ এক চমু আলোকপাত কৰে৷ পদ্মশ্ৰী দ্ৰোণ ভূঞাই বৈঠকত পদ্মশ্ৰী বঁটা গ্ৰহণ কৰোঁতে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ লোৱাৰ অভিজ্ঞতা ব্যক্ত কৰি কয় যে, অসমৰ লোককৃষ্টিৰ এক আৱাহনী সন্মোহন আছে৷

বৈঠকত সাংস্কৃতিক মন্ত্ৰীয়ে লোককলাৰ ওপৰত এনেদৰে শুভংকৰ চিন্তা আগবঢ়াই নিবলৈ পৰামৰ্শ দিয়ে৷ ইয়াৰ পূৰ্বেই সহকাৰী প্ৰযোজক মিনাক্ষী দাসে আইৰন গাৰ্লছৰ পৰিয়ালৰ হৈ সাংস্কৃতিক মন্ত্ৰীক সম্বৰ্ধনা জনায়৷