মহানগৰীৰ ভূতনাথত মৃতদেহ উদ্ধাৰ 
বৰপেটা

বৰপেটা আৰক্ষীৰ নিষিদ্ধ দ্ৰব্য বিৰোধী অভিযান: আটক সৰবৰাহকাৰী

Asomiya Pratidin

ডিজিটেল সংবাদ, বৰপেটা: বৰপেটা আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান। বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত এক অভিযান চলাই সন্দেহযুক্ত ড্ৰাগছসহ এজনক আটক কৰিবলৈ সক্ষম হয় । ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃণাল শৰ্মাৰ নেতৃত্বত চলা ড্ৰাগছৰ বিৰোধী অভিযান এটা জব্দ কৰে ১৩.৩গ্ৰামৰ এটা ড্ৰাগছৰ পেকেট।

ধৃত কুখ্যাত ড্ৰাগছ ব্যৱসায়ীটো তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ‍হৰিপুৰ গাঁৱৰ হাচেন মীয়াৰ পুত্ৰ হাফিজুল মীয় (২০) বুলি জানিব পৰা গৈছে। উল্লেখ্য যে হাফিজুল মিয়াই অঞ্চলটোত দীৰ্ঘদিনে চলাই আহিছিল মাৰাত্মক নিষিদ্ধ ড্ৰাগছৰ বেহা। সম্প্ৰতি তাৰাবাৰী আৰক্ষীয়ে সৰবৰাহকাৰীটো আটক কৰি তদন্ত অব্যাহত ৰাখিছে।