আকোঁৰগোজ দুলু আহমেদঃ বৰপেটাত লাগে প্ৰাৰ্থীত্ব... 
বৰপেটা

আকোঁৰগোজ দুলু আহমেদঃ বৰপেটাত লাগে প্ৰাৰ্থীত্ব...

Asomiya Pratidin

ডিজিটেল সংবাদ পাঠশালাঃ অসমত বিজেপিৰ বিৰুদ্ধে একত্ৰিত হোৱা ১৬ টাকৈ বিৰোধী ৰাজনৈতিক দলৰ মাজত বিভাজন স্পষ্ট হৈছে। আপে তিনিটা সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰাৰ পিছত তৃণমূল কংগ্ৰেছেও চাৰিটা সমষ্টিৰ বাবে প্ৰাৰ্থী প্ৰায় চূড়ান্ত কৰিছে। চি পি আইয়ে ৩ টা সমষ্টিৰ বাবে নিজা প্ৰাৰ্থী সাজু কৰিছে।

তাৰ মাজতে অৱশ্যে অৱশিষ্ট ৰাজনৈতিক দল কেইটাৰ মাজত আসন বুজাবুজি হ'ব। কিন্তু তাৰ পূৰ্বেই পুনৰ এক প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বিৰোধী ঐক্য। কিয়নো আসন বুজাবুজি এতিয়াও চূড়ান্ত হোৱা নাই যদিও মনোয়ন দাখিল কৰিবলৈ সাজু হৈ আছে অসম জাতীয় পৰিষদৰ উপ-সভাপতি দুলু আহমেদ।

পূৰ্বৰে পৰা বিভিন্ন কথাৰে বিৰোধী ঐক্যৰ মাজত বিভাজন আনিবলৈ চেষ্টা অব্যাহত ৰখা দুলু আহমেদে বৰপেটা সমষ্টিত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু হৈছে। দুলু আহমেদৰ এনে আকোঁৰগোজস্থিতিৰ বাবেই এতিয়া বিপদত পৰিছে অসম জাতীয় পৰিষদ।

শনিবাৰে দলটোৱে গুৱাহাটীত দুলু আহমেদৰ প্ৰাৰ্থীত্বক লৈ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিছে। এই বৈঠকতে চূড়ান্ত হ'ব দুলু আহমেদৰ এ জে পি দলত ভৱিষ্যত। কিয়নো বৰপেটা সমষ্টি যদিহে এ জে পিক এৰি দিয়া নহয় তেন্তে দুলু আহমেদৰ প্ৰতিদ্বন্দিতাক লৈ সমস্যাৰ সৃষ্টি হ'ব।

ইফালে এ জে পিক মাত্ৰ এখন আসন এৰি দিয়াক লৈ সন্তুষ্ট নহয় দুলু আহমেদ। তেওঁৰ মতে বৰপেটাত তেওঁ শক্তিশালী প্ৰাৰ্থী। এ জে পিৰ উপ-সভাপতিগৰাকীয়ে তেওঁক লৈ সৃষ্টি হোৱা এনে পৰিস্থিতিৰ সন্দৰ্ভত আজি সাংবাদিকৰ আগত কয়, ৰকিবুল হুছেইনৰ বাহিৰে প্ৰতিগৰাকী কংগ্ৰেছীৰ সৈতে এতিয়াও তেওঁৰ ভাল সম্পৰ্ক আছে। এ জে পি দলৰ টিকেটৰ বাবে ভূপেন বৰাই দায়িত্ব ল'বলগীয়া হোৱা কথাটো দুৰ্ভাগ্যজনক বুলিও উল্লেখ আহমেদৰ।

শনিবাৰৰ বৈঠকত সেয়ে তেওঁ এজেপিৰ হকে নিজৰ প্ৰাৰ্থীত্বৰ তীব্ৰ দাবী উত্থাপন কৰিব বুলিও মন্তব্য কৰিছে। আজি পাঠশালাত সাংবাদিকৰ সন্মুখত আক্ৰমণাত্মক হৈ দুলু আহমেদে বৰপেটাৰ পৰাই তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বুলি কৈ বৰপেটা সমষ্টিৰ অন্তৰ্গত হাজো, শুৱালকুছি, বৰক্ষেত্ৰী আদিত তেওঁৰ সাংগঠনিক ভেটি সৱল বুলিও মন্তব্য কৰিছে।