dangor khabar  
বৰপেটা

জামুগুৰি মুণ্ডাগাঁৱত গৰুচোৰ আটকঃ আৰক্ষীৰ গুলীচালনা...

Asomiya Pratidin

ডিজিটেল সংবাদ, হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ হাওৰাঘাট থানাৰ অন্তৰ্গত জামুগুৰি মুণ্ডা গাঁৱত বৃহস্পতিবাৰে নিশা গৰু চুৰি কৰিবলৈ আহি হাতে-লোটে ধৰা পৰি ৰাইজৰ ৰোষত পৰে এজন গৰু চোৰ।

এই ঘটনা সংঘটিত হোৱাৰ পিছত হাওৰাঘাট আৰক্ষীৰ এটা দল গৈ উত্তেজিত ৰাইজৰ কবলৰ পৰা যুৱকজনক উদ্ধাৰ কৰিবলৈ যায় যদিও এই ঘটনাই অধিক জটিল হৈ পৰে আৰু উত্তেজিত ৰাইজে ওলোটাই আৰক্ষীক প্ৰহাৰ কৰিবলৈ আহে আৰু শিল দলিয়াই । ইয়াৰ ফলত গণ প্ৰহাৰত গুৰুতৰভাৱে আহত হয় তিনি আৰক্ষী ।

পৰৱৰ্তী সময়ত পৰিস্থিতি অধিক জটিল হোৱাত ঘটনাস্থলীত বকলীয়া আৰক্ষী, উত্তৰ বৰবিল আৰক্ষী আৰু হাওৰাঘাট আৰক্ষী উপস্থিত হৈ হাওৰাঘাট আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। এই গৰু চুৰি ঘটনাৰ লগত জড়িত আটকাধীন চোৰজনৰ নাম কুদুৰাম পূৰ্তি ।