বৰপেটা

সৰ্থেবাৰীত বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য জব্দ : তিনিজনক আটক

ঘটনাস্থলীত সৰ্থেবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ড০ পৱন কুমাৰ উপাধ্যায় উপস্থিত হৈ যাৱতীয় কাম-কাজসমূহ তদাৰক কৰে

Asomiya Pratidin

ডিজিটেল সংবাদ,বৰপেটা : বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষীৰ থানাৰ আৰক্ষীয়ে বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে অভিযান চলাই বেঙাপাৰাত বৃহৎ পৰিমাণৰ গাঞ্জাসহ তিনিজন লোকক আটক কৰে ৷

আৰক্ষীয়ে আটক কৰা লোককেইগৰাকী হ'ল- ৰঙিয়া দ্বাৰকুছিৰ নিজামত খান (৩৭), বেলবাৰী গাঁৱৰ হীৰকজ্যোতি ডেকা (২১) আৰু বেঙাপাৰা গাঁৱৰ ৰাজীৱ বৰ্মন বুলি আৰক্ষীয়ে সদৰী কৰে ৷ উল্লেখ্য, যে  সৰ্থেবাৰী থানাৰ অন্তৰ্গত বেঙাপাৰা গাঁৱৰ ভবেন বৰ্মন নামৰ এগৰাকী লোকৰ ঘৰত মজুত কৰি ৰখা প্ৰায় ৪৩ কেজি গাঞ্জা বৃহস্পতিবাৰে সন্ধিয়া আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

গাঞ্জাখিনি নিজামত খানে বিক্ৰী কৰিবলৈ ভবেন বৰ্মনৰ ওচৰলৈ আনিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷ ইফালে, ঘটনাস্থলীত সৰ্থেবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ড০ পৱন কুমাৰ উপাধ্যায় উপস্থিত হৈ যাৱতীয় কাম-কাজসমূহ তদাৰক কৰে ৷ ঘটনা সন্দৰ্ভত সৰ্থেবাৰী আৰক্ষীয়ে তদন্ত অব্যহত ৰাখিছে।