বৰপেটা

বেঁকী নদীত চলিছে অবৈধ খনন কাৰ্য

Asomiya Pratidin

ডিজিটেল সংবাদ, সৰভোগঃ বৰপেটাৰ নিচুকা পাৰঘাটত চালানবিহীন ভাৱে চলিছে ডাম্পাৰ-ট্ৰেক্টৰ ৷ পূৱ খুদনাবাৰীত জে চি বিৰে বন মাফিয়াই খান্দিছে বেঁকী নদীৰ বুকু । বেঁকীৰ বুকুত জে চি বি লগাই দিনে নিশাই বন মাফিয়াই চলাইছে অবাধ খনন ৷

জিলাখনৰ বন বিভাগক ১০০ৰ পৰা ৩০০ টকা দি মেনেজ কৰে বন মাফিয়াই ৷ এই পৰ্যন্ত মেনেজ হোৱা বন বিভাগৰ চকুত নাই পৰা এই অবৈধ খননৰ দৃশ্য ৷

এফালে চলিছে কোটি কোটি টকাৰ বেঁকী নদীৰ কাম আনফালে চলিছে বেঁকী নদীৰ বুকুত বন মাফিয়াৰ অবাধ খনন। এই পৰ্যন্ত বৰপেটা ৰোড বন বিভাগৰ কৰ্তৃপক্ষৰ কানসাৰ নাই । তথাপিও আৰু কিমান দিন লৈকে চলিব এই অবৈধ খনন, কেতিয়া সাৰ পাব বন বিভাগৰ কতৃপক্ষই ? নে চলি থাকিব বেঁকী নদীৰ বুকুত এই অবাধ খনন। দিনে নিশাই পদ পথেৰে অবৈধ ভাৱে ট্ৰেক্টৰ ডাম্পাৰৰ দৌৰাত্মত অতিষ্ঠ হৈ পৰিছে ৰাইজ ৷ অতিশীঘ্ৰে বনবিভাগে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৰাইজে ৷ এইসন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষই কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ’ব লক্ষনীয় বিষয় ।