ডিজিটেল সংবাদ, বৰপেটা: ৰাজ্যজুৰি অৱ্যাহত আছে স্মাৰ্ট মিটাৰ বিৰুদ্ধে প্ৰতিবাদ। বিদ্যুৎ মাচুলৰ বাবদ স্মাৰ্ট মিটাৰৰ জড়িয়তে ৰাইজৰ তেজ শুহি খোৱা কাৰ্যক সহজভাৱে ল'ব পৰা নাই ৰাজ্যবাসীয়ে। বিশেষকৈ গ্ৰামাঞ্চলৰ গ্ৰাহক সকলে স্মাৰ্ট মিটাৰৰ মাছুলৰ কাৰণে এতিয়া দিক্বিদিক হেৰুৱাই পেলাইছে।
তাৰ পাছতো ৰাজ্য চৰকাৰে স্মাৰ্ট মিটাৰ সন্দৰ্ভত কোনো স্পষ্ট নীতি গ্ৰহন নকৰাত সম্প্ৰতি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ব্যাপক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে বৰপেটা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। বৰপেটা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়ে সৰ্থেবাৰী নগৰত স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত ৰূপায়ন কৰে এক বৃহত প্ৰতিবাদী কাৰ্যসূচী। আজি সৰ্থেবাৰীত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ সহযোগত প্ৰতিবাদকাৰীসকলে সৰ্থেবাৰী নগৰৰ সৰ্থেবাৰী বিদ্যুৎ উপসংমণ্ডললৈ এক সমদল বাহিৰ কৰি প্ৰতিবাদী কাৰ্যসূচী লয়।
Also Read: বৰপেটাত তাঁতীকুছিৰ উদ্যোগত বঁটা প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠান