বৰপেটা

কুমুদ কলিতাৰ মহানুভৱতা : অৱসৰগ্ৰহণৰ দিনটোত বিদ্যালয়লৈ চাৰিশৰো অধিক গ্ৰন্থ দান

Asomiya Pratidin

ডিজিটেল সংবাদ,পাটাছাৰকুছি : অৱসৰৰ দিনটোত পাঠশালাৰ এগৰাকী শিক্ষকে দাঙি ধৰিছে মহানুভৱতাৰ নিদৰ্শন। নিজে শিক্ষকতা কৰা শিক্ষানুষ্ঠানখনলৈ প্ৰায় ১.৫ লাখ টকা ব্যয় কৰি চাৰিশৰো অধিক মূল্যবান গ্ৰন্থ দান হিচাপে আগবঢ়ায়।

ইয়াৰোপৰি সেই গ্ৰন্থসমূহ সংৰক্ষিত কৰি ৰখাৰ বাবে দুটাকৈ আলমিৰা প্ৰদান কৰি ব্যতিক্ৰমী নিদৰ্শন দাঙি ধৰে। আনকি কিতাপসমূহ থিকমতে পঢ়ুৱৈ পঢ়াৰ সুবিধা হোৱাকৈ দূৰদৰ্শী লোকজনে নিজে ষ্টক ৰেজষ্টাৰ এটিও বনাই দিয়ে ৷ এই মহান শিক্ষকগৰাকীৰ নাম হৈছে কুমুদ কলিতা।

এনে ব্যতিক্ৰমী পদক্ষেপৰ বাবে সকলোৱে তেখেতক আদৰণি জনাইছে ৷ এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে অৱসৰী শিক্ষক কুমুদ কলিতাই বিগত বৰ্ষত ৰাষ্ট্ৰপতি পদকেৰে সন্মানিত হৈ সকলোকে গৌবৱান্বিত কৰিছিল।

প্ৰৱল ইচ্ছাশক্তি থকা শিক্ষক কলিতাই মানৱ সেৱাকে জীৱনৰ পৰম ধৰ্ম হিচাপে লৈ পূৰ্বেও ভালেমান উল্লখনীয় কাম কৰিছে। তেঁও আনে নকৰা, একোটা মহান কাম অকলে কৰি নিদৰ্শন দেখুওৱাবলৈও সক্ষম হৈছে।

উল্লেখযোগ্য যে বিভিন্ন সময়ত সামাজিকভাৱে অৱহেলিত, বিশেষভাৱে সক্ষম শিশুসকলক লৈ গঢ়ি তোলা আৱাসিক শিক্ষানুষ্ঠান "পাঠশালা তপোবন"ৰ তেঁও সঞ্চালক। এগৰাকী মানৱদৰদী ব্যক্তি কুমুদ কলিতাই ২০২৩ বৰ্ষৰ ৫ ছেপ্তেম্বৰত ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৰ পৰা ৰাষ্ট্ৰীয় শিক্ষক বঁটা গ্ৰহন কৰিছিল ৷

পাঠশালা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত ৩৬ বছৰ শিক্ষকতা কৰাৰ অন্তত মঙলবাৰে কুমুদ কলিতাই আনুষ্ঠানিকভাৱে অৱসৰগ্ৰহণ কৰে। আজিৰ এই উল্লেখনীয় দিনটোত শিক্ষকগৰাকীয়ে কাৰ্যতঃ কৰি দেখুৱালে এনে নিদৰ্শন ৷

গ্ৰন্থ অধ্যয়নক গ্ৰন্থ বিপ্লৱলৈ পৰিণত কৰাৰ প্ৰয়াসক সকলোৱে জনাইছে আদৰণি ৷ আজিৰ এই কাৰ্যৰ সাক্ষী হিচাপে তেওঁক সংগ দিয়ে ভট্টদেৱ বিশ্বিবিদ্যালয়ৰ অৱসৰী অধ্যাপক প্ৰাক্তন সাংবাদিক লিখক ড° কৰুণামোহন শৰ্মা, বৰপেটা জিলাৰ স্কুল পৰিদৰ্শক ৰাতুল কুমাৰ দাস, অসম সৌৰভ বঁটাপ্ৰাপক কৃষ্ণ ৰয়, প্ৰকৃতি কৰ্মী আনন্দ খাটনিয়াৰে ধৰি ভালে সংখ্যক লোকে ৷