বৰপেটা

সৰভোগত ছদ্মনাম ব্যৱহাৰ কৰি লুটিলে ৫ লক্ষাধিক টকা

Asomiya Pratidin

ডিজিটেল সংবাদ,সৰভোগ : বৰপেটা জিলা সৰভোগৰ নিচুকাত সংঘটিত হৈছে এক আজৱ কাণ্ড। হুছেইন আলী নামৰ এগৰাকী ব্যক্তি হুমাহুন আলী ছদ্মনাম ব্যৱহাৰ কৰি একে গাঁৱৰ ৱাছিম উদ্দিনৰ পুত্ৰ আইজ উদ্দিনৰ নামৰ ৬,০৫,২৩৩ টকা হৰলুকি কৰা বুলি অভিযোগ উত্থাপিত হৈছে।

জানিব পৰামতে ৱৰ্ল্ড বেংক কোম্পানী বেকী নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ নদী বান্ধ জিও বেগৰ কাম চলি থকাৰ বাবে আইজ উদ্দিনৰ মাটিৰ ওপৰেদি আৰু বৃহৎ পৰিমাণৰ গছ-গছনি ক্ষতি সাধন হোৱা বাবে চৰকাৰে ক্ষতিপূৰণ দিছিল। কিন্তু হুমাহুন হুছেইন আলীয়ে আইজ উদ্দিনৰ মাটিৰ ২৭৯ দাগৰ ১১২ পাট্ৰা ব্যৱহাৰ কৰি আইজ উদ্দিনৰ নামৰ ৬,০৫,২৩৩ টকা হুছেইন আলীয়ে আত্মসাৎ কৰা বুলি অভিযোগ উঠিছে।

অৱশ্যে হুছেইন আলীৰ নামত নিচুকাত কোনো ধৰণৰ মাটি নাই বুলি এক সূত্ৰত প্ৰকাশ। এই ঘটনা সংক্ৰমণত বৰনগৰ ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ত বৰপেটা উপায়ুক্ত কাৰ্য্যালয়ত লিখিত আকাৰে অভিযোগ দিছিল যদিও কোনো গুৰুত্ব পোৱা নাই আইজ উদ্দিনে।

ইপিনে বৰপেটাৰোডৰ আৰোক্ষী থানাত এজাহাৰ দাখিল কৰিছিল আৰু সামাজিকভাৱে মেল বহিছিল। সামাজিক মেলত টকা ঘুৰাই দিব বুলি কৈছিল; কিন্তু আজিলৈকে টকাখিনি ঘুৰাই নাপালে আইজ উদ্দিনে।

অৱশেষত সংবাদ মাধ্যমৰ কাষ চাপি আইজ উদ্দিনে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, বৰপেটা আয়ুক্ত আৰু জিলা প্ৰশাসনক কাতৰ আহ্বান জনায়। যাতে অতি শীঘ্ৰে হুমাহুন হুছেইন আলীক উচিত তদন্ত কৰি শান্তি দিয়ে।