বৰপেটা

পাটাছাৰকুছি শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস পালন

Asomiya Pratidin

ডিজিটেল সংবাদ,পাটাছাৰকুছি : অসম সাহিত্য সভাৰ অধীনৰ পাটাছাৰকুছি শাখা সাহিত্য সভা (শতদল)ই শুকুৰবাৰে ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰে । শাখা সাহিত্য সভাৰ স্থায়ী কাৰ্যালয় আৰু তাৰ চৌহদ বৰ্তমান ব্যৱহাৰৰ অনুপযোগী হৈ থকাত পাটাছাৰকুছি প্ৰাগজ্যোতি ক্লাবৰ চৌহদত সভাপতি দিলীপ কুমাৰ ৰয়ে পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী মুকলি কৰে ।

ইয়াৰ পিছতে হিতৈষী সভ্য,মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ তথা ৰাজ্যিক শ্ৰেষ্ঠ শিক্ষকৰ বঁটাপ্ৰাপক ৰবীন শৰ্মাই বন্তি প্ৰজ্জালন কৰে। হিতৈষী সভ্য তথা পাটাছাৰকুছি শাখা সাহিত্য সভা (শতদল)ৰ প্ৰাক্তন সভাপতি সুৰেন্দ্ৰ নাথ লাউজাৰীয়ে স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ন কৰে।

তেঁও পাটাছাৰকুছি শাখা সাহিত্য সভা (শতদল)ৰ বৰ্তমানৰ সমিতিখনে যিধৰণে কাম কৰি আছে সেয়া সঁচাকৈয়ে শলাগিবলগীয়া আৰু এই কৰ্মৰ গতিয়ে নিশ্চয়কৈ অনাগত দিনত শাখা সভাখনক ভাল স্বীকৃতি লাভ কৰাত সহায় কৰিব বুলি ভাষণ প্ৰসংগত মন্তব্য কৰে । ইয়াৰ পাছত দিলীপ কুমাৰ ৰয়ৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা।

সম্পাদক হীৰেন্দ্ৰ নাথ শৰ্মাই আঁত ধৰা মুকলি সভাত নিৰ্মল হালৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কৌশিক কুমাৰ ডেকাই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেঁও কয়- পাটাছাৰকুছি শাখা সাহিত্য সভা (শতদল)ৰ বৰ্তমানৰ সমিতিখন যথেষ্ঠ কৰ্মোদ্যমী।

সমিতিখনে নেৰানেপেৰা মনৰ যি পাটাছাৰকুছিৰ সুনামত বিগত প্ৰায় ডেৰ বছৰ কাল সাহিত্যৰ ক্ষেত্ৰখনত অৰিহনা যোগাই আহিছে আৰু এই কৰ্মই অনাগত দিনত পাটাছাৰকুছিৰ ইতিহাসত হয়তো ভাল খবৰৰো সংযোগ ঘটোৱাৰ সম্ভাৱনা আছে বুলি কয় । অধ্যক্ষগৰাকীয়ে লগতে কয় যে শাখা সভাখনে নিৰ্মল হালৈ মহাবিদ্যালয়ৰ লগত যৌথভাৱে তিনিবাৰকৈ ৰাষ্ট্ৰীয় বঁটাৰে বিভূষিত বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক প্ৰয়াত হৰেন্দ্ৰ নাথ শৰ্মাৰ সমগ্ৰ ৰচনাৱলীৰ একত্ৰ সংকলন প্ৰকাশ কৰিছে সেয়া উল্লেখনীয়।

শিক্ষা মহীৰুহগৰাকীৰ আগন্তুক ১৬ ডিচেম্বৰত উন্মোচনৰ যি সাহস আৰু প্ৰচেষ্টা হাতত লৈছে এয়া সৰ্বস্তৰৰ লোকৰ বাবে আদৰণীয় বুলি মন্তব্য কৰে। লগতে ইয়াৰ বাবে শাখা সভাখন নিশ্চিতভাৱে প্ৰশংসাৰ পাত্ৰ বুলি মন্তব্য কৰে ।

সভাত উপস্থিত থাকে হিতৈষী সভ্য নলবাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ গিৰীশ চন্দ্ৰ ঠাকুৰীয়া , হিতৈষী সভ্য তথা পাটাছাৰকুছি শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হৰেকৃষ্ণ গোস্বামী , আজীৱন সভ্য , অৰুণাচল প্ৰদেশৰ ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত শিক্ষক তথা পাটাছাৰকুছিৰ নলিনী কুমাৰ শৰ্মা। ইয়াৰোপৰি আজীন সভ্য তথা বিশিষ্ট লেখক টিকেন্দ্ৰ নাথ কলিতা,নিতেন্দ্ৰ নাথ শৰ্মা , ডিম্বেশ্বৰ শৰ্মা আদিয়ে সভাত বক্তব্য ৰাখি আটায়ে একেমুখে শাখা সভাখনক ভূয়সী প্ৰশংসা কৰে ৷

বক্তাসকলে শাখা সভাখনৰ স্থায়ী কাৰ্যালয় পুনৰ নিৰ্মাণ কাৰ্যত সকলোকে আৰ্থিক দিশেৰে হাত জোকাৰি কাৰ্যালয়টো পুনৰ নিৰ্মাণ কৰিবলৈকো মুকলি আহ্বান জনায় । লগতে শাখা সভাখনৰ বৰ্তমানৰ কৰ্মৰ যি গতি সেয়া আৰু অধিক সক্ৰিয়তাৰে আগবঢ়াই নিবলৈ সাহিত্যপ্ৰাণ হিতৈষী আৰু আজীৱন সভ্যসকলক দান-বৰঙণি দিবলৈও প্ৰতিগৰাকী বক্তাই মুকলি আহ্বান জনায় ।

মুকলি সভাৰ শেষত সহকাৰী সম্পাদক দিগন্ত গোস্বামীয়ে শলাগৰ শৰাই আগবঢ়ায়। মুকলি সভাত অন্যতম উপ -সভাপতিদ্বয় হিতেশ চন্দ্ৰ গোস্বামী আৰু ভবেশ গোস্বামী , সহকাৰী সম্পাদক গৌতম গোস্বামী ,পত্ৰিকা সম্পাদক আমিনুল হক উপস্থিত থাকে।

লগতে শৈলজানন্দ গোস্বামী ,মাণিক চৌধুৰী ,সদাৰাম দাস ,সুভাষ ডেকা , গীতিকা পাঠক ৰয়, ড° চন্দনা দেৱী , শিখৰ গোস্বামী ,ধীৰেন গোস্বামী , হিতেশ ৰয় , ৰাধামোহন গোস্বামী আদিও উপস্থিত থাকে । সভাৰ আৰম্ভণিতে উপ-সভাপতি তথা সংগীত শিল্পী ভবেশ গোস্বামীৰ তত্ত্বাৱধানত চিৰ চেনেহী মোৰ ভাষা জননী আৰু শেষত জাতীয় সংগীত অ' মোৰ আপোনাৰ দেশ পৰিৱেশন কৰা হয় ।

এই সভাতেই আগন্তুক ২০২৫ চনৰ ৩১ জানুৱাৰী আৰু ১,২,৩ আৰু ৪ ফেব্ৰুৱাৰীত অনুষ্ঠিতব্য অসম সাহিত্য সভাৰ সপ্তসপ্পতিতম পূৰ্ণাঙ্গ পাঠশালা,বজালী অধিৱেশনৰ কিছু কাম কৰা হয়। সভাৰ আদৰণী সমিতিত পাটাছাৰকুছি শাখাৰ অন্তৰ্গত যিসকল হিতৈষী আৰু আজীৱন সভ্যই ইতিমধ্যে ভিন ভিন পদত স্থলাষিভিক্ত হৈছে তেওঁলোকৰ যিসকলে স্বীকৃতি পত্ৰ এতিয়ালৈ গ্ৰহণ কৰিব পৰা নাছিল তেওঁলোকক এই পত্ৰসমূহো প্ৰদান কৰা হয় ।

উল্লেখ্য যে পাটাছাৰকুছি সমষ্টিৰ প্ৰথমগৰাকী বিধায়ক প্ৰয়াত ডাঃ হোমেশ্বৰ দেৱচৌধুৰী আৰু ছেৰিফ উদ্দিন আহমদৰ নেতৃত্বত পাটাছাৰকুছি শাখা সাহিত্য সভা গঠিত হৈছিল।লগতে ২০১৯ চনত তিনিদিনীয়া কাৰ্যসূচীৰে শাখা সভাখনে সোণালী জয়ন্তীও উদযাপন কৰিছিল ।