বৰপেটা

সৰভোগৰ একাংশ খেতিয়কৰ দুৰৱস্থা : খেতিপথাৰতে পচি গৈছে শাক-পাচলি

Asomiya Pratidin

ডিজিটেল সংবাদ,সৰভোগ : সৰভোগৰ একাংশ খেতিয়কৰ জীৱনলৈ নামি আহিছে কাল অমানিশা। কোনে বুজিব এইসকল খেতিয়কৰ দুৰাৱস্থা ! জানিব পৰামতে বেংকৰ পৰা সুতত কিস্তিলৈ সৰভোগৰ চেঙেলীয়া গাঁৱৰ একাংশ খেতিয়কে শাক-পাচলিৰ খেতি কৰিছিল। কিন্তু সময়মতে উপযুক্ত কীটনাশক দ্ৰব্য খেতিত যোগান ধৰিব নোৱাৰৰ ফলত খেতিপথাৰতে শাক-পাচলিৰ খেতি পচি গৈছে।

তেওঁলোকে আক্ষেপেৰে কয় যে, চৰকাৰৰ ফালৰ পৰা সম্প্ৰতি কোনো ধৰণৰ সাহায্য লাভ কৰা নাই। পোৱা নাই শস্যৰ বীজ,ৰাসায়নিক সাৰ আৰু বিভিন্ন ধৰণৰ কীটনাশক দ্ৰব্যৰ ঔষধ। খেতিপথৰতে পচি গৈছে বিভিন্ন পাচলি। এনে অৱস্থাত ভুক্তভোগী কৃষকে কৃষি বিভাগৰ কোনো ব্যক্তিয়ে পৰিদৰ্শন নকৰাৰ অভিযোগ তুলিছে।

ফলত মূৰে কপালত হাত দিব লগা হৈছে চেঙেলীয়া গাঁৱৰ খেতিয়কসকলে। দিনে-নিশাই শ্ৰম কৰি, হাজাৰ হাজাৰ টকা খৰচ কৰি বজাৰত উপযুক্ত মূল্যত বিক্ৰী কৰিব নোৱাৰে। পানীৰ দৰত বিক্ৰী কৰিব লগা হৈছে শাক-পাচলিসমূহ।

খেতিয়কসকলৰ এনে অৱস্থাৰ প্ৰতি বুজ ল'বলৈ কৃষি মন্ত্ৰীৰ লগতে জিলা কৃষি বিভাগ আৰু দায়িত্বত থকা বিষয়ববীয়াসকলক কাতৰ আহ্বান জনায়।