গহপুৰত কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ... 
বৰপেটা

বৰপেটাৰোডত ট্ৰাকে খুন্দিয়ালে স্কুটীকঃ একে পৰিয়ালৰ ৩ কিশোৰ-কিশোৰী নিহত...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বৰপেটা ৰোডৰ জামতলত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত নিহত তিনিগৰাকীকৈ স্কটী আৰোহী। জানিব পৰা মতে এখন তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে স্কুটী আৰোহীক। ফলত এই কৰুণ ঘটনা সংঘটিত হৈছে।

নিহত কেইজনক ছাহজাহান আলী, আছমা খাতুন আৰু জেছমিন পাৰবিন বুলি চিনাক্ত কৰা হৈছে। এই আটাইকেইজন একেটা পৰিয়ালৰ কিশোৰ-কিশোৰী।

জানিব পৰা মতে তেওঁলোকৰ ঘৰ বৰেটা ৰোডৰ সাতভনী টুপ গাঁৱত। ইফালে এই দুৰ্ঘটনাত আহত হৈছে আন এটি শিশু। আহত শিশুটিক ভৰ্তি কৰোৱা হৈছে বৰপেটা ৰোড হাস্পতালত।