পাটাছাৰকুছি উন্নয়ন সমিতিৰ বিশেষ অভিনন্দন অনুষ্ঠান 
বৰপেটা

পাটাছাৰকুছি উন্নয়ন সমিতিৰ বিশেষ অভিনন্দন অনুষ্ঠান

Asomiya Pratidin

ডিজিটেল সংবাদ,পাটাছাৰকুছি : "যিদিনাই কিবা এটা শিকাৰ ইচ্ছা শেষ বা শিকা বন্ধ কৰি দিব সিদিনাই আপাতত সেই মানুহজনৰ মৃত্যু হোৱা বুলি কোৱা হয় ৷ খাই শুই ঘুৰি ফুৰি থাকিলেই এজন ব্যক্তিক প্ৰকৃতাৰ্থত জীৱিত বুলি ধৰিব নোৱাৰি ৷ শিকাৰ অন্ত নাই প্ৰতি মুহূৰ্ততে বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলে জ্ঞান অন্বেষণৰ যাত্ৰা অব্যাহত ৰাখিব লাগে ৷

জ্ঞান অন্বেষণৰ আহিলা বৰ্তমানৰ মোবাইল ফোনটো ব্যৱহাৰ কৰোতে ছাত্ৰ-ছাত্ৰীসকলে খুউব সচেতনতাৰে ব্যৱহাৰ কৰিব লাগে আমোদ প্ৰমোদৰ বাবে ব্যৱহাৰ কৰিব নালাগে ৷ নিজৰ আত্মাই প্ৰতিজন মানুহৰ বাবে ডাঙৰ গুৰু ৷ মই কি কৰিলো নজনা কথা কিমান শিকিলো তাৰ হিচাপ কৰিব লাগিব আজিৰ নজনাটো আজিয়েই শিকিব লাগিব এই পৰীক্ষাৰ প্ৰশ্ন নিজেই যুগুতৰ লগতে মূল্যায়নো কৰিব লাগিব ৷ "

পাটাছাৰকুছিত অনুষ্ঠিত এক অভিনন্দন অনুষ্ঠানত বিশিষ্ট অতিথিৰ ভাষণত এনেদৰে কয়-বজালী জিলাৰ জিলা আয়ুক্ত মৃদুল কুমাৰ দাসে। আয়ুক্তগৰাকীয়ে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্য কৰি আগবঢ়োৱা তত্বগধুৰ ভাষণত আৰু কেতবোৰ কথা উল্লেখ কৰে।

শনিবাৰে পাটাছাৰকুছি উন্নয়ন সমিতিৰ উদ্যোগত পাটাছাৰকুছি শিৱধাম, দুৰ্গা, ৰাস প্ৰাংগনত অনুষ্ঠিত এক বিশেষ অভিনন্দন অনুষ্ঠান 'আলোকৰ যাত্ৰা' অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত অঞ্চলটোলৈ সুনাম কঢ়িয়াই অনা ১৯ গৰাকী মেধাবীক অভিন্দন জ্ঞাপন কৰা হয় ৷

ইয়াৰ ভিতৰত অসম লোক সেৱা আয়োগৰ প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হোৱা স্তুতি পৰাশৰ, ভূপালী দাস, শিলচৰৰ এন আই টিৰ পৰা সুখ্যাতিৰে ডক্টৰেট ডিগ্ৰী লাভ কৰা নীলাক্ষি দাস আৰু কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত বিভাগত স্নাতকোত্তৰ পৰীক্ষাত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি সোণৰ পদক পোৱা দিপিকা শৰ্মাও আছে ৷ ইয়াৰোপৰি বিগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচন নম্বৰসহ উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলকো সম্বৰ্ধনা জনায়।

তেঁওলোক হৈছে পাটাছাৰকুছি শংকৰদেৱ শিশু নিকেতনৰ নিকিতা ভৰদ্বাজ, বেবী ৰয়, জ্ঞানশ্ৰী অগ্নিবাস্য, নন্দিতা কলিতা,প্ৰনামী ভৰালী, ডুলুমনি ৰয়, কাশ্মীৰী বশিষ্ঠ, প্ৰদুন্য গোস্বামী, নিখিল ঠাকুৰীয়া, পাটাছাৰকুছি হাইস্কুলৰ কুমাৰেশ দাস আৰু পাটাছাৰকুছি বিদ্যাপীঠৰ হৃদয় দাস, অ’কুৰ গোস্বামী,নিতিশ চৌধুৰী আৰু নিতিশ ৰয় ৷

অভিনন্দন জ্ঞাপন কৰা সকলক জাপি, স্মাৰক, মানপত্ৰ আৰু গামোছা প্ৰদান কৰা হয় ৷ উন্নয়ন সমিতিৰ সভাপতি কুশল ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আগমুহূৰ্ত্তত বন্তি প্ৰজ্বালন কৰে পাটাছাৰকুছি উন্নয়ন সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি সমাজকৰ্মী মুনীন্দ্ৰ নাৰায়ণ গোস্বামীয়ে ৷

স্থানীয় শিল্পীৰ দ্বাৰা এটি সমবেত সংগীত পৰিবেশন কৰা হয় ৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে উন্নয়ন সমিতিৰ সম্পাদক ৰাজীৱ শৰ্মাই ৷ সভাত জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে মুখ্য অতিথি হিচাপে থাকি জীৱনটোক এক সংগ্ৰাম হিচাপে প্ৰতিটো ক্ষেত্ৰতে আগুৱাই নিয়াৰ সংকল্পেৰে আগুৱাই নিব পাৰিলেহে সফল হ'ব পাৰি বুলি কয় ৷

সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বজালীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞা। তেঁও ভাষণত কয় যে কেৱল প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষা পাছ কৰি কেনেকৈ জীৱনৰ সংগ্ৰাম চলাই আজিৰ স্থানত উপনীত হৈছে সেয়া ব্যাখ্যা কৰি ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰাণিত কৰে ৷

সভাত নিৰ্মল হালৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কৌশিক কুমাৰ ডেকাই আমন্ত্ৰিত অতিথিৰ ভাষণ প্ৰদান কৰে ৷ অনুষ্ঠানত নিৰ্বাচনী বিষয়া হিয়া মেধি, পাটাছাৰকুছি পৌৰসভাৰ পৌৰপতি জয়ন্ত তদবিলহাৰ আদি উপস্থিত থাকে ৷