বৰপেটা

পথ দুৰ্ঘটনাত উঃ মাঃৰ পৰীক্ষাৰ্থী নিহত

Asomiya Pratidin

ডিজিটেল সংবাদ,কলগাছিয়া : বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত কলগাছিয়া ষ্টেট বেংকৰ সন্মুখত মটৰ চাইকেল আৰু চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত এগৰাকী পৰীক্ষাৰ্থীয়ে অকাল মৃত্যুক আঁকোৱালি লয়। নিহত ছাত্ৰগৰাকী উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনা সংঘটিত হোৱা চাৰিচকীয়া বাহনখনৰ নম্বৰ হৈছে AS 05E 0360 আৰু মটৰ চাইকেলখনৰ নম্বৰ হৈছে AS 15 X 4494। জানিব পৰামতে, পেট্ৰ'ল পাম্পৰ পৰা মটৰ চাইকেলত তেল ভৰাই আহি থাকোতে ষ্টেট বেংকৰ সন্মুখত নৱজ্যোতি মহাবিদ্যালয়ৰ অধ্যপিকাৰ চাৰিচকীয়া বাহনৰ সৈতে হয় মুখামুখি সংঘৰ্ষ।

এই মুখামুখি সংঘৰ্ষৰ ফলতে গুৰুতৰভাৱে আহত হয় পৰীক্ষাৰ্থীগৰাকী। লগে লগে স্থানীয় ৰাইজে ছাত্ৰজনক কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। মেধাৱী ছাত্ৰগৰাকীৰ অকাল বিয়োগৰ খবৰে অঞ্চলব্যাপি শোকৰ ছাঁ পেলাইছে।