'নাটমণ্ডল',পাঠশালাৰ গ্ৰীষ্মকালীন শিশুনাট কৰ্মশালা 
বৰপেটা

'নাটমণ্ডল',পাঠশালাৰ গ্ৰীষ্মকালীন শিশুনাট কৰ্মশালা

Asomiya Pratidin

ডিজিটেল সংবাদ,পাটাছাৰকুছি : বৃহত্তৰ বজালী অঞ্চলৰ শিশুনাটৰ বাটকটীয়া 'নাটমণ্ডল',পাঠশালাৰ উদ্যোগত এই বছৰো ১ জুলাইৰ পৰা ৩১ জুলাই ২০২৪লৈ এমাহ জোৰা গ্ৰীষ্মকালীন শিশুনাট কৰ্মশালাৰ আয়োজন কৰা হৈছে। বিগত ডেৰ দশক ধৰি প্ৰতিবছৰে প্ৰায় দুকুৰি-তিনিকুৰি শিশুৰ সমন্বয়ত শিশুনাট কৰ্মশালা অনুষ্ঠিত কৰি শিশুসকলৰ মাজত নাটক আৰু নাট্য বিষয়ক প্ৰশিক্ষণ দিয়াৰ লগতে শিশুসকলৰ মানসিক, শাৰীৰিক, আৰু বৌদ্ধিক দিশতো বিশেষভাবে অৰিহণা যোগাই আহিছে নাটমণ্ডলে ৷

উক্ত কৰ্মশালাত অসমৰ বিভিন্ন প্ৰান্তৰ অভিজ্ঞ নাট্য ব্যক্তিত্ব তথা নাট্য শিল্পত ওতপ্ৰোতভাৱে জড়িত প্ৰথিতযশা নাটপ্ৰশিক্ষকৰ দ্বাৰা নাট্য বিষয়ক প্ৰশিক্ষণ দিয়া হ'ব।সেয়েহে ৬ বছৰ বয়সৰ পৰা ১৪ বছৰ বয়সৰ ইচ্ছুক শিক্ষাৰ্থীক শিশুনাট কৰ্মশালাত ভাগ ল'বলৈ শিশুনাট কৰ্মশালাৰ আয়োজক "নাটমণ্ডল" পাঠশালাৰ সৈতে সময়মতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ৷

উদ্যোক্তাই জনোৱা অনুসৰি যোগাযোগৰ শেষ তাৰিখ ৩০ জুন। যোগাযোগ নম্বৰ হৈছে- ৭৬৩৬৯০০০৮১, ৬৯০০৫৭৪০১৭, ৬০০১২৯১৯৪৫ আৰু ৯৯৫৪৭৯৬২৪২ ।

উল্লেখ্য যে কৰ্মশালাৰ অন্তত কৃতি শিক্ষক প্ৰয়াত দশৰথ কলিতা আৰু পূব কামৰূপ কলেজৰ, বাঘমাৰাৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত ড° ৰুণু দেৱীৰ সশ্ৰদ্ধ সোঁৱৰণত নাট্যকাৰ নিতুল কুমাৰ মেধিৰ ৰচনা-পৰিচালনাৰে শিশুনাট "এ গ্ৰেড-বি গ্ৰেড" মঞ্চস্থ কৰা হ'ব।লগতে নাটমণ্ডলৰ, ২৮ সংখ্যক বাৰ্ষিক মুখপত্ৰ "নাট্যগল্প" খনি উন্মোচন কৰা হ'ব ।

উল্লেখিত শিশুনাট কৰ্মশালাৰ লগত সংগতি ৰাখি অনুষ্ঠিত সকলো কাৰ্যসূচীত নাটমণ্ডল, পাঠশালাই ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে।