অসম

বাসুগাঁও পৌৰসভাৰ ৭০বছৰ বয়সৰ উৰ্ধৰ পৌৰপতিক শাৰীৰিক আক্ৰমণ ব্যৱসায়ীৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,চিৰাং: বাসুগাঁও চহৰৰ পৌৰপতি সাধন চন্দ্ৰ মণ্ডলক শনিবাৰে ৰাজহুৱা স্থানত লোকচক্ষুৰ সন্মুখতে শাৰিৰীক আক্ৰমণ কৰা লগতে মানসিক ভাবে অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে। ৭০বছৰ বয়সৰ উৰ্ধৰ পৌৰপতি গৰাকী আজি বিয়লি ভাগত বাসুগাঁও চহৰৰ সাপ্তাহিক বজাৰ এলেকাত চলি থকা বজাৰগৃহ নিৰ্মাণ কাৰ্য্যৰ বুজ লবলৈ গৈছিল।

সেই সময়তে বহুকেইজন ব্যৱসায়ীয়ে তেখেতক উক্ত বজাৰগৃহ নিৰ্মাণত ইমান কিয় পলম হৈ আছে, ইয়াৰ বাবে স্থানীয় ক্ষুদ্ৰ ব্যৱসায়ী সকলে হাৰাশাস্তিৰ সন্মুখীন হবলগা হৈছে এনেধৰণৰ প্ৰশ্ন কৰি তেখেতক ব্যতিব্যস্ত কৰি তোলে। তাৰ মাজতেই ২নং ৱাৰ্ডৰ অৰবিন্দ সাহা (৫২) নামৰ এজন ব্যৱসায়ীয়ে পৌৰপতি সাধন চন্দ্ৰ মণ্ডলক গালত চৰ সোধায়। লগে লগে বয়োজেষ্ঠ পৌৰপতি মাটিত বাগৰি পৰে।

আক্ৰমণকাৰী অৰবিন্দ সাহাই পৌৰপতি গৰাকীক বিভিন্ন অশ্লীল ভাষাৰে গালি গালাজ কৰি শাৰীৰিক ভাবে অপদস্থ কৰে। দুৰ্ভাগ্যজনক কথা যে সেই মুহূৰ্তত উক্ত স্থানত উপস্থিত থকা লোকসকলে পৌৰপতি গৰাকীক ৰক্ষা কৰাৰ সলনি ঘটনাটি প্ৰত্যক্ষ কৰি উপভোগহে কৰা দেখিবলৈ পোৱা যায়।

বাসুগাঁও বজাৰত পৌৰপতি গৰাকীক শাৰীৰিক আক্ৰমণ কৰা ঘটনাৰ খবৰ ‌লাভ কৰি কিছু সময় পিছত পৌৰসভাৰ ৱাৰ্ড কমিচনাৰ, পৌৰসভাৰ কৰ্মচাৰী,সহানুভূতিশীল লোক স্থানীয় বিশিষ্ট ব্যক্তি-সমাজকৰ্মী ঘটনাস্থলীত উপস্থিত হয়। কিন্তু লোকজন অহাৰ আগতেই আক্ৰমণকাৰী অৰবিন্দ সাহা ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

বিশিষ্ট সক্ৰিয় সমাজকৰ্মী তথা বাসুগাঁও নাগৰিক অধিকাৰ মঞ্চৰ যুটিয়া সম্পাদক বাসুগাঁও চহৰৰ চন্দন দাসে ঘটনাটি দুৰ্ভাগ্যজনক আখ্যা দিয়ে আৰু পৌৰপতি গৰাকীৰ আক্ৰমণ কোনোপধ্যেই মানি ল’ব নোৱাৰি বুলি আখ্যা দি দোষীক কঠোৰ শাস্তি বিহিবলৈ দাবী জনায়।

আজি বাসুগাঁৱৰ সাপ্তাহিক বজাৰত দিনৰ পোহৰতে পৌৰপতি এইদৰে শাৰীৰিকভাবে আক্ৰমণ কৰাৰ ঘটনাই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । ইপিনে আক্ৰান্ত পৌৰপতি সাধন চন্দ্ৰ মণ্ডলে ন্যায় বিচাৰি আক্ৰমণকাৰী অৰবিন্দ সাহাৰ বিৰুদ্ধে বাসুগাঁও থানাত এজাহাৰ দাখিল কৰে ।