অসম

বাসুগাঁও প্ৰেছ ক্লাৱৰ নৱনিৰ্মিত গৃহ উদ্বোধন...

Asomiya Pratidin

ডিজিটেল সংবাদ, চিৰাংঃ আজি চিৰাং জিলাৰ বাসুগাঁও অঞ্চলৰ সাংবাদিক সকলৰ উমৈহতিয়া মঞ্চ বাসুগাঁও প্ৰেছ ক্লাৱৰ নৱনিৰ্মিত গৃহৰ উদ্বোধন কৰা হয় । বাসুগাঁও চহৰৰ কেইজনমান উদ্যমী সাংবাদিক সকলৰ প্ৰচেষ্টাত ২০১১ চনত বাসুগাঁও অঞ্চলৰ সাংবাদিক সকলৰ উমৈহতিয়া মঞ্চ বাসুগাঁও প্ৰেছ ক্লাৱ গঠন কৰা হৈছিল । বৃহত্তৰ বাসুগাঁৱৰ উপৰি চিৰাং জিলাৰ আৰ্থসামাজিক দিশত ৰাইজৰ হকে কাম কৰি অহা সাংবাদিক সকলৰ বাবে এখন স্থায়ী প্ৰেছ ক্লাব গৃহ নিৰ্মাণৰ অনুভৱ কৰে আৰু সেইমৰ্মে শুভাকাংখী সকলৰ আৰ্থিক অনুদানত বাসুগাঁও চহৰৰ মাজমজিয়াত বাসুগাঁও প্ৰেছ ক্লাৱৰ এখনি স্থায়ী গৃহ নিৰ্মাণ কৰা হয়।

আজি বহুকেইজন আমন্ত্ৰিত জেষ্ঠ্য সাংবাদিক তথা দল সংগঠনৰ নেতৃত্ববৰ্গৰ উপস্থিতিত বাসুগাঁও প্ৰেছ ক্লাৱৰ নৱনিৰ্মিত গৃহৰ শুভ উদ্বোধন কৰে বিটিচিৰ তথ্য আৰু জনসংযোগ বিভাগৰ কাৰ্য্যবাহী সদস্য ডঃ নিলুৎ স্বৰ্গীয়াৰীয়ে । আজি প্ৰেছ ক্লাৱৰ উদ্বোধনী অনুষ্ঠানতে বিশেষ ভাবে আমন্ত্ৰণ কৰি অনা বাসুগাঁও চহৰৰ একমাত্ৰ বাতৰি কাকতৰ এজেন্ট উদ্ধৱ ষ্টোৰৰ স্বত্তাধিকাৰী মহেন দাস আৰু বাসুগাঁও অঞ্চলৰ বাতৰি কাকতৰ পঢ়ৈ সকলৰ ঘৰে ঘৰে গৈ বাতৰি কাকত যোগান ধৰোতা হকাৰ সুদয় সাহাক সম্বৰ্ধনা জনোৱা হয় ।

আজিৰ বাসুগাঁও প্ৰেছ ক্লাৱৰ নৱনিৰ্মিত গৃহৰ উদ্বোধনী অনুষ্ঠানৰ লগতে সঙ্গতি ৰাখি এখন সভা অনুষ্ঠিত হয় । প্ৰেছ ক্লাৱৰ সভাপতি ভৃগুমুণি ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী সভাত বাসুগাঁও প্ৰেছ ক্লাৱৰ গৃহৰ উন্নয়নৰ বাবে মুখ্য অতিথি তথা উদ্বোধক তথা বিটিচিৰ কাৰ্য্যবাহী সদস্য ডঃ নিলুৎ স্বৰ্গীয়াৰীয়ে ভাষনত কয় যে আমাৰ দেশ ভাৰতবৰ্ষ হৈছে এখন গণতান্ত্ৰিক দেশ আৰু দেশৰ গণতান্ত্ৰিক ব্যবস্থাৰ চাৰিটা স্তম্ভৰ ভিতৰত অন্যতম হৈছে সংবাদ মাধ্যম। দেশৰ গণতান্ত্ৰিক ব্যবস্থা সুদৃঢ কৰা লগতে দেশৰ উন্নয়নৰ ক্ষেত্ৰত সংবাদ মাধ্যমে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

বাসুগাঁও তথা চিৰাং জিলাৰ ৰাইজৰ বিভিন্ন সমস্যা আৰু চৰকাৰৰ বিভিন্ন উন্নয়নমূলক কামকাজৰ প্ৰতিফলন আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰি আহিছে। বিভিন্ন ঠাইৰ পৰা বাতৰি সংগ্ৰহ কৰি আনি সাংবাদিক সকলক বাতৰি পৰিৱেশন কৰিবলৈ এটা সুস্থ পৰিৱেশ থকা ঠাইৰ প্ৰয়োজন হয়, যত বহি সাংবাদিক সকলে বাতৰি প্ৰেৰণ কৰিব । আজি বাসুগাঁও প্ৰেছ ক্লাৱৰ সাংবাদিক সকলে নিজা প্ৰচেষ্টাত এইখন নতুন গৃহ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে আৰু আজি এই নৱনিৰ্মিত প্ৰেছ ক্লাৱৰ গৃহ উদ্বোধন কৰি মোৰ ভাল লাগিছে ।

প্ৰেছ ক্লাৱৰ কিছু কাম এতিয়াও বাকি আছে সেয়ে বিটিচি প্ৰশাসনৰ তথ্য আৰু জনসংযোগ বিভাগৰ পৰা একালীন পাঁচ লাখ টকাৰ আৰ্থিক সাহাৰ্য্যৰ কথা ঘোষনা কৰে । আজি বাসুগাঁও প্ৰেছ ক্লাৱৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল ১৩ নং চিৰাং পৰিষদীয় সমষ্টিৰ পাৰিষদ ছাইখং বসুমতাৰী, জিলা তথ্য আৰু জনসংযোগ বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া তথা সহকাৰী আয়ুক্ত ভাস্কৰ্য্য ডেকা, অৱসৰী সাংবাদিক তথা শিক্ষাবিদ অমৃত নাৰায়ণ পাটগিৰি, সদৌ বিটিআৰ বেঙ্গলী যুৱ-ছাত্ৰ ফেডাৰেচনৰ সভাপতি শুভ মজুমদাৰ, শিৱসেনা নেতা শিবু চন্দ, জেষ্ঠ্য সাংবাদিক মুস্তাফা হুছেইন আদি কৰি বহু আমন্ত্ৰিত অতিথি আৰু সংবাদ কৰ্মী । আজি অনুষ্ঠান সঞ্চালনা কৰে সম্পাদক প্ৰসেনজিত কুমাৰ ৰায় আৰু শলাগৰ শৰাই আগবঢ়ায় জেষ্ঠ্য সাংবাদিক জয়ন্ত দেৱনাথে ।