অসম

বটদ্ৰৱা বৰভেটি শ্ৰী শ্ৰী মাধৱ দেৱ পুথিভঁৰাল সমিতিৰ সৌজন্যত ৰঙালী উৎসৱ...

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱা বৰভেটি শ্ৰী শ্ৰী মাধৱ দেৱ পুথিভঁৰাল সমিতিৰ সৌজন্যত বৰভেটি গাঁৱৰ যুৱক যুৱতী সকলৰ সহযোগত শুক্ৰবাৰ তথা ৩ মে'ৰ পৰা দুদিনীয়াকৈ ৰঙালী উৎসৱ উদযাপন কৰা হৈছে। কাৰ্যসূচী অনুসৰি ৩ মে'ৰ পুৱা ৯ বজাত পতাকা উত্তোলন কৰে ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ সভাপতি ভাস্কৰ জ্যোতি বৰাই আৰু গছপুলি ৰোপণ কৰে গাঁৱৰ জেষ্ঠ নাগৰিক গোপাল কলিতাই।

অনুষ্ঠানটিত অৱসৰপ্ৰাপ্ত ভাৰতীয় সৈনিক অতুল বৰুৱা, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী বুলু বৰুৱাই অংশ গ্ৰহণ কৰে। ১২ বজাত গাঁৱৰ নামঘৰত বছৰটোৰ কুশল মংগল কামনা কৰি নাম কীৰ্তন কৰা হয়। বিয়লি ৪ বজাত বিহুতলীত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। ৫ বজাৰ পৰা কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। সাংবাদিক দিব্যজ্যোতি বৰুৱাই পৰিচালনা কৰা আকৰ্ষণীয় কুইজ প্ৰতিযোগিতা খনিত বটদ্ৰৱা সৰুহিছা, বৰহিছা, বৰভেটি, ধিং অঞ্চলৰ অৰ্ধশতাধিক শিশু-কিশোৰ-কিশোৰীয়ে অংশ গ্ৰহণ কৰে।

নিশা ৯.০০ বজাত মঞ্চ উদ্বোধনৰ পাছত উদযাপন সমিতিৰ সম্পাদক জয়ন্ত কুমাৰ বৰুৱা আৰু নিপুল চন্দ্ৰ বৰুৱাই আঁত ধৰা অনুষ্ঠানত বৰগীত পৰিৱেশন আৰু বহমথুৰী বিহুৱা দলৰ নৃত্য অনুষ্ঠানৰ লগতে স্থানীয় শিল্পীৰ গীত মাত নৃত্যৰ সমাাহাৰেৰে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। আজি দুপৰীয়া ১.০০ বজাত মুকলি সভা আৰু বঁটা বিতৰণী সভা, নিশা ৮.০০ বজাৰ পৰা অনুষ্ঠিত হবলগীয়া বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানত কন্ঠশিল্পী প্ৰিয়ম পাৰ্থ আৰু ৰাজশ্ৰী কাশ্যপে গীতৰ শৰাই আগবঢ়াব।