অসম

জামুগুৰিহাটৰ জয়সিদ্ধিৰ নগদাত বাথৌ মহাসভাৰ নৱম বাৰ্ষিক অধিবেশন আৰম্ভ

Asomiya Pratidin

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ জয়সিদ্ধি নগদা বজাৰৰ বাথৌপুৰিত আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে বথৌ মহাসভাৰ নৱম বাৰ্ষিক অধিবেশন ৷ প্ৰত্যেক বছৰে মাঘ মাহৰ দ্বিতীয় মংগলবাৰ দিনটো বাথৌ ধৰ্মৰ প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰি অহা হৈছে।

এই উপলক্ষে আজি মন্দিৰটিৰ দ্বাৰ উন্মোচন কৰে চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাই । চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই বিধায়ক পূঁজিৰ পৰা আগবঢ়োৱা অনুদানৰ ৩৭ লাখ টকা ব্যয় সাপেক্ষে ৰাইজৰ সহযোগত নিৰ্মিত হৈছে এই মন্দিৰ। অনুষ্ঠানটিত অংশগ্ৰহণ কৰে বাথৌ মহাসভাৰ নদুৱাৰ আঞ্চলিকৰ সভাপতি লোকেশ্বৰ বসুমতাৰী, বিশ্বনাথ জিলাৰ বাথৌ মহাসভাৰ প্ৰচাৰ সম্পাদক বুবুল বসুমতাৰী, উপদেষ্টা নগেন নাৰ্জাৰীৰ লগতে বহু গণ্য মান্য ব্যক্তিয়ে ।

অধিবেশন উপলক্ষে পুৱাই ধৰ্মীয় পতাকা উত্তোলন কৰে ধীৰেন বসুমতাৰীয়ে । তেওঁলোকে ধৰ্মীয় ৰীতি নীতিৰ মাজেৰে নৱ নিৰ্মিত মন্দিৰটোৰ ভিতৰত আৰজ (প্ৰাৰ্থনা) ও আয়োজন কৰে৷ তাৰ পিছতে বিভিন্ন বড়ো জনগোষ্ঠীয় সাংস্কৃতিক কাৰ্য্যসুচীৰ জৰিয়তে আৰম্ভ হয় মুকলি সভা। কেন্দ্ৰীয় বাথৌ মহাসভাৰ মুখ্য সঞ্চালক গুণেস্বৰ স্বৰ্গীয়াৰীয়ে মুকলি সভাখনিত অংশগ্ৰহণ কৰি বাথৌ ধৰ্মৰ ওপৰত তত্ত্ব গধুৰ মন্তব্য আগবঢ়ায়৷