অসম

আলাবৈ ৰণঃ ১০ হাজাৰ আহোম সেনাৰ আত্মবলিদান...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শৰাইঘাটৰ যুদ্ধৰ পূৰ্বে আন এখন বিখ্যাত যুদ্ধ হৈছিল। অসম আৰু অসমীয়াৰ অস্তিত্বৰ সুৰক্ষাৰ বাবে এই যুঁজত প্ৰায় ১০ হাজাৰ আহোম সেনাই প্ৰাণ ত্যাগ কৰিছিল। এই ৰণক আলাবৈ ৰণ বুলি জনা যায়। ১৬৬৯ চনৰ ৫ আগষ্টত বৰ্তমান উত্তৰ গুৱাহাটীৰ ওচৰৰ পছৰীয়া দলৰপথাৰ অঞ্চলৰ আলাবৈ পাহাৰৰ সমীপত এই ৰণ সংঘটিত হৈছিল।

৫ আগষ্টৰ দিনটোক আলাবৈ ৰণৰ স্মৃতি দিৱস হিচাপে উদযাপন কৰা হয়। আলাবৈ ৰণত যদিও অন্যায়ভাৱে মোগল সেনাই আহোম সেনাক বধ কৰিছিল, কিন্তু বলবিক্ৰম আৰু সাহস হেৰুওৱা নাছিল লাচিত বৰফুকনে। পৰৱৰ্তী সময়ত এই যুঁজৰ অভিজ্ঞতাৰ ভিত্তিতেই মহাবীৰ লাচিত বৰফুকনে শৰাইঘাটত মোগলক পৰাস্ত কৰি আহোম ৰাজ্যৰ অস্তিত্ব ৰক্ষা কৰিছিল।

এই ঐতিহাসিক যুঁজত আহোম সেনাৰ নেতৃত্বত আছিল চাৰিঙীয়া পেলন ফুকন, দিখৌমুখীয়া ৰাজখোৱা, নামদৈয়ঙ্গীয়া আদি। এই ৰণত মোগলৰ হৈ মদনাৱতী নামৰ এগৰাকী ৰাজপোত ৰমনী আৰু মীৰ নবাবেও অংশ লৈছিল। আহোম সেনাৰ আক্ৰমণত মৃত্যু হৈছিল মদনাৱতীৰ।  বুৰঞ্জীত লিখা আছে যে এই গৰাকী মহিলা যোদ্ধাই বিজুলীসঞ্চাৰে তৰোৱাল ঘূৰাই বহুকেইজন অসমীয়া সেনাক মৃত্যুমুখত পেলাইছিল।

প্ৰবল পৰাক্ৰমে আহোম সেনাই মোগল সেনাৰ বিৰুদ্ধে যুঁজ দিছিল যদিও চক্ৰান্ত কৰি মোগল সেনাপতি ৰাম সিংহই অশ্বৰোহী সৈনিকেৰে আগুৰি ১০ হাজাৰ আহোম সেনাক বধ কৰিছিল। সেই আলাবৈ ৰণৰ যুদ্ধ ক্ষেত্ৰ আৰু ইয়াৰ বুৰঞ্জী প্ৰসিদ্ধ সমল লব্ধ ইতিহাস বিজৰিত স্থান বহু দিন ধৰি অনাদিত হৈ পৰি আছিল।

আজিৰ দিনটো ৰাজ্যৰ বিভিন্ন প্ৰান্তত আলাবৈ ৰণৰ স্মৃতি সুঁৱৰি বীৰ যোদ্ধাসকলক স্মৰণ কৰা হৈছে। আলাবৈ ৰণত প্ৰাণ আহুতি দিয়া বীৰসকলক সশ্ৰদ্ধ স্মৰণ।