অসম

ছুপাৰী ছিণ্ডিকেটঃ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ পি এক জেৰা

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যক ছিণ্ডিকেট আৰু গুণ্ডাৰাজৰ পৰা মুক্ত কৰাৰ চেষ্টা চলাই থকাৰ পাছতো শেহতীয়াকৈ ৰাজ্যত সংগোপনে চলি আছে বহু ছিণ্ডিকেট। ইয়াৰ মাজতে চুপাৰী ছিণ্ডিকেটৰ গোচৰত এইবাৰ জালত পৰিছে বিজেপিৰ স্বয়ং ৰাজ্যিক সভাপতিৰেই এগৰাকী ব্যক্তিগত সহায়কাৰী।

স্থানীয় চুপাৰি ব্যৱসায়ৰ আঁৰ লৈ অতি কৌশলেৰে অসমৰ মাজেৰে বাৰ্মিজ চুপাৰিৰ অবৈধ সৰবৰাহ চলোৱাৰ নামত শাসক দল বিজেপিৰেই ৰাজ্যিক অ’ বি চি মৰ্চাৰ উপ-সভাপতি লাচিত গগৈয়ে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সদ্য অপসাৰিত সভাপতি মিলন বুঢ়াগোহাঁইক শিখণ্ডী হিচাপে লৈ চলাই গৈছে বিয়াগোম ছিণ্ডিকেট। ইয়াৰ লগত জড়িত থকাৰ অভিযোগত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য তথা ৰাজ্য চৰকাৰৰ কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ উপাধ্যক্ষ জিতুমণি দাসক কাৰ্বি আংলং আৰক্ষীয়ে বুধবাৰে আটক কৰে।

বুধবাৰে পুৱাৰে পৰা ডিফু থানাত জেৰা কৰিছে বিজেপিৰ ৰাজ্যিক কার্যনির্বাহক সদস্য জিতুমণি দাসক। চুপাৰি ছিণ্ডিকেট চলোৱাৰ অভিযোগত আটকাধীন জিতুমণি দাস বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ ব্যক্তিগত সহায়কাৰীৰূপেই পৰিচিত।

দীৰ্ঘদিন ধৰি ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাৰ অত্যন্ত ঘনিষ্ঠৰূপে পৰিচিত বিজেপিৰ ৰাজ্যিক কার্যনির্বাহক সদস্য জিতুমণি দাস ইতিমধ্যে বিভিন্ন ছিণ্ডিকেট-দুষ্কার্যত অভিযুক্ত হৈ অত্যন্ত বিতৰ্কত সোমাই পৰিছে।

আনহাতে ভৱেশ কলিতাই কয় যে, তেওঁৰ জিতু দাস বুলি কোনো ব্য়ক্তিগত সচিব নাই। একাংশ সংবাদ মাধ্যমে মিছা বাতৰি প্ৰচাৰ কৰে বুলি দাবী কলিতাৰ।

নিশা প্ৰায় ১১ বজালৈ জেৰা চলোৱাৰ পাছত ঘৰলৈ যাব দিয়া হয় জিতু দাসক। পুনৰ ৩০ জুলাইত জেৰাৰ বাবে থানাত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে জিতু দাসক।