bhupen bora  
অসম

প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ নাপালে ধৰ্মঘটত বহিব কংগ্ৰেছ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বুধবাৰে কলিয়াবৰত উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। ৯ মাৰ্চত কলিয়াবৰত কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ সম্ভাৱনা। প্ৰধান মন্ত্ৰীক কাজিৰঙাত সাক্ষাৎ কৰিবলৈ নাপালে কলিয়াবৰত প্ৰদেশ কংগ্ৰেছে গ্ৰহণ কৰিব প্ৰতিবাদী কাৰ্যসূচী।

কা বাতিলৰ দাবীত প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ সময়ত সাক্ষাৎ বিচাৰি পত্ৰ প্ৰেৰণ কৰিছিল প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই। বৰ্তমানলৈকে প্ৰধানমন্ত্ৰীক সাক্ষাতৰ অনুমতি লাভ কৰা নাই কংগ্ৰেছ নেতৃত্বই। ৯ মাৰ্চলৈকে অনুমতি নাপালে কলিয়াবৰত অৱস্থান গ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰিব কংগ্ৰেছে।

কলিয়াবৰত এই কথা প্ৰকাশ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। তেওঁ কয় যে, অনুমতি পালে কলিয়াবৰৰ পৰা প্ৰধানমন্ত্ৰীক সাক্ষাতৰ বাবে কাজিৰঙালৈ যাব কংগ্ৰেছ নেতৃত্ব। অনুমতি নাপালে কলিয়াবৰতে অৱস্থান ধৰ্মঘটত বহিব কংগ্ৰেছ।