ৰঞ্জিত দত্ত কেলেংকাৰী কৰা মানুহঃ বামপন্থী নেতা বিবেক দাস 
অসম

ৰঞ্জিত দত্ত কেলেংকাৰী কৰা মানুহঃ বামপন্থী নেতা বিবেক দাস

Asomiya Pratidin

ডিজিটেল সংবাদ,বিহালীঃ ৰাজ্যৰ আন আন লোকসভা সমষ্টিসমূহৰ সমান্তৰালকৈ ১১ নং শোণিতপুৰ সমষ্টিতো তুংগত বলিছে নিৰ্বাচনী বতাহ। উল্লেখ্য যে,শোণিতপুৰ সংসদীয় সমষ্টিৰ শাসক-বিৰোধী দুয়ো দলৰ প্ৰাৰ্থী ৭১ নং বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰগাং এলেকাৰ ৷

শুকুৰবাৰে বিহালী বিধানসভা সমষ্টিৰ বৰগাংত অন্যতম বিৰোধী দল তথা ইণ্ডি মৰ্চাৰ সহযোগি দল চিপিআই (এম-এল)-ৰ উদ্যোগত এক বিশাল গণ সমাৱেশ অনুষ্ঠিত হয় ৷ গণ সমাৱেশৰ পূৰ্বে দলটোৱে ৰেলী বাহিৰ কৰে ৷ উক্ত গণ সমাৱেশত ৰাজ্যৰ বামপন্থী নেতা বিবেক দাস উপস্থিত থাকে ৷

গণ সমাৱেশত উপস্থিত থাকি শোণিতপুৰ সংসদীয় সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত ম্যাদ ওকলা ঔষধ,তেওঁৰ কাম নাই বুলি বিবেক দাসে মন্তব্য কৰে ৷ ইয়াৰোপৰি ৰঞ্জিত দত্ত কেলেংকাৰী কৰা মানুহ বুলি অভিযোগ কৰি বিজেপিত ভাল মানুহৰ স্থান নাই বুলিও তেওঁ দাবী কৰে ৷

আনহাতে ৰঞ্জিত দত্তই ২৫ বছৰীয়া ৰাজনৈতিক কালত বিহালীৰ কোনো উন্নয়ন নকৰাৰো অভিযোগ তোলে বিবেক দাসে ৷