ডিজিটেল সংবাদ,বিহালীঃ দেওবাৰে বিহালীৰ গেলাপুখুৰী আৰু মধ্য বিহালী ৰংগমঞ্চত অনুষ্ঠিত বিজেপিৰ নিৰ্বাচন প্ৰচাৰ সভাত প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপিৰ অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতা, বিটিআৰ প্ৰধান প্ৰমোদ বড়ো,কেবিনেট মন্ত্ৰী পীযুষ হাজৰীকা, বিধায়ক চক্ৰধৰ গগৈ, বিধায়ক মানৱ ডেকাকে আদি কৰি বহু কেইগৰাকী বিজেপিৰ মন্ত্ৰী-বিধায়কে।
বিহালী উপ নিৰ্বাচনৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী দিগন্ত ঘাটোৱালৰ হৈ নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৰাজ্যত কংগ্ৰেছ চৰকাৰে মুন্নাভাই এপিএছ বিষয়া জন্ম দিয়া বুলি অভিযোগ কৰি ৰাজ্যৰ পাঁচ সমষ্টিত অনুষ্ঠিত উপ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী জয় হোৱাটো নিশ্চিত বুলি দাবী কৰে। সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত সভাপতি ভৱেশ কলিতাই কয় যে চামগুৰী উপ নিৰ্বাচনত বৰ্তমান ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইন পৰাভূত হ'ব। ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে হতাশাত ভুগিছে। তেওঁ প্ৰতিটো নিৰ্বাচনতে কাজিয়া লগাই দি মাৰ-পিট আৰু হত্যাকাণ্ডৰ লগত জড়িত হৈ পৰে। এইবেলিও তেনেকে এক ঘটনা ঘটিছে বুলি উল্লেখ কৰে৷
ৰাজ্যিক বিজেপি ৰ সভাপতি ভৱেশ কলিতাই নিৰ্বাচনী সভাত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ এতিয়া অসমৰ ৰাজনীতিত কোনো ফেক্টৰ নহয়। কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে বিহালীত নিৰ্বাচনী প্ৰচাৰত বিজেপি চৰকাৰে বিভিন্ন ক্ষেত্ৰত ছিণ্ডিকেট চলাইছে বুলি উত্থাপন কৰা অভিযোগৰ সন্দৰ্ভত সভাপতি ভৱেশ কলিতাই কয় যে, কংগ্ৰেছেহে গুণ্ডাগিৰী আৰু চিণ্ডিকেট চলাই আছে আৰু এইটো তেওঁলোকৰ স্বভাৱ৷ চল চাতুৰীৰে ভোট লোৱাত কংগ্ৰেছ দল চেম্পিয়ন ৷
নিৰ্বাচনী সভাত ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয় যে, বৰ্তমানৰ সাংসদ বিহালীৰ প্ৰাক্তন বিধায়ক ৰঞ্জিত দত্তই বিহালীত ৪খন মহাবিদ্যালয় স্থাপন কৰিছে, ৰাষ্টা-ঘাট সুচল কৰিছে ৷ সাংসদ ৰঞ্জিত দত্তৰ দিনত বিহালীত উন্নয়ন-বিকাশ যাত্ৰাৰ নতুন দিগন্তৰ সূচনা হৈছে ৷ বিহালীৰ অৱধাৰিত উন্নয়ন বিকাশ অক্ষুন্ন ৰাখিবলৈ বিহালীৰ মহিলা সমাজে বিজেপি মনোনীত প্ৰাৰ্থী দিগন্ত ঘাটোৱালক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায় ৷
আনহাতে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে বিজেপি মিত্ৰজোঁট প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰৰ নিৰ্বাচনী প্ৰচাৰ সভাত কয় যে, এটা সময়ত আছিল প্ৰতিটো দিন অসম খন জ্বলি আছিল ৷ এটা সময় আছিল সদায় অসমৰ ৰাজপথত আন্দোলন-প্ৰতিবাদ হৈছিল৷ আনকি দৈনিক অসমৰ ফৰেষ্ট এলেকাত হত্যা-হিংসা অপহৰণ, ধনদাবীকে আদি কৰি বিভিন্ন ঘটনা সংঘটিত ঘটিছিল৷ যেতিয়া এখন ৰাজ্য অথবা অঞ্চলত কোনো অশান্তি সৃষ্টি হয় তেতিয়া মাতৃ সকলে সকলোতকৈ অধিক কষ্ট পায়৷ কিয়নো সদায় মাতৃ সমাজে সমাজ, জাতি,দেশৰ শান্তিৰ কাৰণে চিন্তা কৰে৷ যেতিয়াৰ পৰা অসমৰ মুখ্যমন্ত্ৰী দ্বায়িত্ব ড° হিমন্ত বিশ্ব শৰ্মাই ল'লে তেতিয়াৰে পৰা অশান্ত জৰ্জৰিত অসমৰ ভয়-শংকা অশান্তি দূৰ কৰিবলৈ অসমৰ সশস্ত্ৰ সংগ্ৰামী সংগঠনৰে আলোচনা কৰি অসম লৈ শান্তি কঢ়িয়াই আনিলে৷ বিটিআৰ প্ৰধান প্ৰমোড বড়োৱে বিহালী উপ নিৰ্বাচনৰ হাইভল্ট ৰণক্ষেত্ৰত নামি পৰি বিহালীৰ বড়ো ভোটাৰ ৰাইজৰ মাজত বিজেপিমুখী পৰিৱেশ সৃষ্টি কৰিব বুলি ধাৰণা কৰা হৈছে।