বিৰোধী ঐক্যৰ বাবে বিহ পান কৰিবলৈয়ো সাজু বিবেক দাস... 
অসম

বিৰোধী ঐক্যৰ বাবে বিহ পান কৰিবলৈয়ো সাজু বিবেক দাস...

কংগ্ৰেছ আৰু ৰাইজৰ দলৰ বাবেই তেওঁক টিকটৰ পৰা বঞ্চিত কৰাৰ অভিযোগ

Asomiya Pratidin

ডিজিটেল সংবাদ বিহালীঃ বিহালী সমষ্টিক লৈ এতিয়াও দূৰ হোৱা নাই বিৰোধীৰ বিবাদ। প্ৰথমে সমষ্টিটো কংগ্ৰেছে অসম সন্মিলিত মঞ্চলৈ এৰি দিছিল যদিও পৰৱৰ্তী সময়ত কংগ্ৰেছ দলৰ ভিতৰচৰাত সৃষ্টি হোৱা প্ৰাৰ্থিত্ব কেন্দ্ৰীক সংঘাতৰ বাবেই কংগ্ৰেছে পুনৰ অসম সন্মিলিত মঞ্চৰ সন্মুখত বান্ধি দিছে নতুন চৰ্ত।

সমষ্টিটোত অসম সন্মিলিত মঞ্চৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে চি পি আই এম এলে বিবেক দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি চৰ্চা চলি আহিছিল যদিও কংগ্ৰেছে বিবেক দাসৰ বিৰোধিতা কৰাত এতিয়া অসম সন্মিলিত মঞ্চই নতুনকৈ সমষ্টিটোত প্ৰাৰ্থী ঘোষণা কৰিবলৈ সাজু হৈছে। এনে পৰিস্থিতিত বিহালীৰ বিৰোধীৰ প্ৰাৰ্থী হিচাপে চৰ্চাত থকা বিবেক দাসে চৰম অসন্তুষ্টিৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

আজি সংবাদ মাধম্যৰ আগত বিবেক দাসে কয়, কংগ্ৰেছ দল আৰু ৰাইজৰ দলেহে তেওঁৰ প্ৰাৰ্থিত্বৰ বিৰোধিতা কৰিছে। তেওঁ কয়, মই হেনো হাৰি থকা প্ৰাৰ্থী। অসম সন্মিলিত মঞ্চত থকা আন দলসমূহে কিন্তু এই সিদ্ধান্ত লোৱা নাই। এই কথা মই হজম কৰিব পৰা নাই যদিও বিৰোধী ঐক্যৰ বাবে বিহ পান কৰিবলৈ প্ৰস্তুত আছো।

তেওঁ পুনৰ কয়, মোৰ বাবে বিৰোধী ঐক্য ভাঙিব নালাগে। এই পৰম্পৰা শুভ নহয়। আমি আসন ভাগবতৰা কৰিছো, প্ৰাৰ্থী ভাগ বতৰা কৰা নাই। তথাপি মই ত্যাগ কৰিবলৈ সাজু। যদিও তেওঁলোকৰ দাবী ভুল তথাপিও অসমৰ ৰাইজৰ স্বাৰ্থত মই ত্যাগ কৰিছো।

ইফালে আজি বিহালীত গৌৰৱ গগৈয়ে এক ৰোড শ্ব'ত অংশগ্ৰহণ কৰাৰ কথা আছে যদিও তেওঁ এই বিষয়ে কোনো কথাই নাজানে বুলিও কয়।