বিহালীত পীযুষ হাজৰীকাৰ মাৰাথন প্ৰচাৰঃ জয়ন্ত বৰাক সৰু ভাই বুলি ক'লে ৰঞ্জিত দত্তই... 
অসম

বিহালীত পীযুষ হাজৰীকাৰ মাৰাথন প্ৰচাৰঃ জয়ন্ত বৰাক সৰু ভাই বুলি ক'লে ৰঞ্জিত দত্তই...

মন্ত্ৰী হাজৰীকাই ৰকিবুল হুছেইনৰ মন্তব্যৰো দিলে প্ৰত্যুত্তৰ

Asomiya Pratidin

ডিজিটেল সংবাদ বিহালীঃ বিহালীত বিৰোধীৰ কোনটো দলে নিৰ্বাচন খেলিব অংক কৰাত ব্যস্ত হৈ থকাৰ সময়তেই বিজেপিৰ হৈ ধাৰাবাহিক ভাৱে নিৰ্বাচনী প্ৰচাৰ চলাইছে মন্ত্ৰী পীযুষ হাজৰীকাই ৷ আজি বৰগাং গাওঁ পঞ্চায়তৰ ৱাৰ্ডে ৱাৰ্ডে গৈ ৭ খনকৈ সভাত অংশগ্ৰহন কৰিলে মন্ত্ৰীগৰাকীয়ে।

নিৰ্বাচনী সভাত অংশগ্ৰহন কৰি পীযুষ হাজৰীকাই কয় যে, বিহালীত আমি জিকাটো নিশ্চিত। বিৰোধীৰ হৈ কংগ্ৰেছ বা CPI(ML) যিটো দলেই নিৰ্বাচনত অৱতীৰ্ণ হয় তেওঁলোকৰ বিৰুদ্ধে আমি শক্তিশালী ৰূপে নিৰ্বাচনত অৱতীৰ্ণ হম।

আনহাতে ৰকিবুল হুচেইনে পুনৰ পীযুষ হাজৰীকাক কৰা আক্ৰমণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় ৰকিবুল হুচেইনে প্ৰতি দিনেই নিজৰ ভাষ্য সলাইছে ৷ প্ৰথম দিনা ক'লে তেখেতে মোক গাড়ী দিছে, কালি ক'লে গাড়ী মোক দিয়া নাছিল ৷

প্ৰথম দিনা ক'লে তৰুণ গগৈক কৈ মোক টিকট দিছে, কালি কৈছে ৰাহুল গান্ধীক কৈ মোক টিকট দিছে ৷ ৰকিবুল হুচেইনে পাহৰি গৈছে ২০১১ চনত ৰাহুল গান্ধীয়ে তেওঁক চিনিয়েই পোৱা নাছিল ৷

মোক টিকট তেওঁ ৰাহুল গান্ধীক কৈ দিয়াটো অবান্তৰ কথা ৷ ৰকিবুল হুচেইনে বেছি চাপ লৈছে ৷ ৰকিবুল হুচেইনে মন্ত্ৰী হিচাবে মোক যিদৰে সহায় কৰিছে ময়ো তেওঁক মন্ত্ৰী হিচাবে সহায় কৰিছো ৷ মই যদি খাই পাত ফলা তেন্তে ৰকিবুল হুচেইনো খাই পাত ফলা ৷

ইফালে আজি বিজেপিৰ প্ৰাৰ্থী ঘোষণা হোৱাৰ সম্ভাৱনা আছে ৷ সাংসদ ৰঞ্জিত দত্তই কয় যে, কেন্দ্ৰীয় নেতৃত্বই ঘোষণা কৰিব প্ৰাৰ্থী ৷ জয়ন্ত বৰাৰ পদত্যাগ সন্দৰ্ভত সাংসদ ৰঞ্জিত দত্তই কয় যে, জয়ন্ত বৰা মোৰ সৰু ভাই ৷ তেওঁ পদত্যাগ কৰিছে ৷ মই তেওঁৰ ওপৰত একো মন্তব্য নিদিওঁ৷