ভূপেন বৰাৰ পদত্যাগ সন্দৰ্ভত একো নাজানে দেৱব্ৰত শইকীয়া, গৌৰৱ গগৈয়ে... 
অসম

ভূপেন বৰাৰ পদত্যাগ সন্দৰ্ভত একো নাজানে দেৱব্ৰত শইকীয়া, গৌৰৱ গগৈয়ে...

বিহালীত ৰোড শ্ব'ত অংশগ্ৰহণ কৰি কংগ্ৰেছে নিজাববীয়াকৈ প্ৰাৰ্থী দিব বুলিও ঘোষণা

Asomiya Pratidin

ডিজিটেল সংবাদ বিহালীঃ অসম সন্মিলিত মঞ্চৰ সভাপতি পদৰ পৰা ভূপেন বৰাই পদত্যাগ কৰা সন্দৰ্ভত কোনো কথা নাজানে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু সাংসদ গৌৰৱ গগৈয়ে। আজি বিহালীত এক ৰোড শ্ব'ত অংশগ্ৰহণ কৰাৰ সময়ত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সাংসদ গৌৰৱ গগৈক কাষত লৈ এই কথা জনাইছে।

যিসময়ত বিহালী সমষ্টিত অসম সন্মিলিত মঞ্চই বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰিবৰ বাবে প্ৰস্তুতি চলাইছে, সমষ্টিটো বিৰোধীৰ উমৈহতীয়া মঞ্চ অসম সন্মিলিত মঞ্চক কংগ্ৰেছে এৰি দিছে সেই সময়তে আজি সাংসদ গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়াই বিহালীত এক ৰোড শ্ব'ত অংশগ্ৰহণ কৰে।

এই ৰোড শ্ব'ত অংশগ্ৰহণ কৰাৰ সময়তে অসম সন্মিলিত মঞ্চৰ পৰা ভূপেন বৰাই পদত্যাগ কৰা সন্দৰ্ভত কোনো তথ্য নাই বুলি উল্লেখ কৰিছে দেৱব্ৰত শইকীয়াই। ইয়াৰ লগে লগে কংগ্ৰেছ দলৰ মাজত যে বিহালী সমষ্টিক লৈ এক উলম্ব বিভাজন হৈছে সেই কথা স্পষ্ট হৈছে।

এই ৰোড শ্ব'ত অংশগ্ৰহণ কৰি সমষ্টিটোত কংগ্ৰেছ দলে নিজাববীয়াকৈ প্ৰাৰ্থী দিব বুলিও ঘোষণা কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই৷