অসম

বিহালীত অঘটন : টিউচনলৈ গৈ থকা অৱস্থাত ছাত্ৰীক ব্লেডেৰে আক্ৰমণ

Asomiya Pratidin

ডিজিটেল সংবাদ,বিহালী : অচিনাক্ত দুৰ্বৃত্তৰ দলে টিউচনলৈ গৈ থকা অৱস্থাত এগৰাকী ছাত্ৰীক আক্ৰমণ কৰা ঘটনা সংঘটিত হৈছে বিহালীত। নৱম শ্ৰেণীত অধ্যয়নৰত ডেকাপথাৰ গাঁৱৰ এগৰাকী ছাত্ৰী কুঁহিয়াৰবাৰীলৈ টিউচন কৰিবলৈ গৈ থকা অৱস্থাত ধেমাজীবাৰী অঞ্চলত এটা দুৰ্বৃত্তৰ দলে হঠাৎ বাট আগচি ধৰে আৰু ব্লেডেৰে শৰীৰৰ বিভিন্ন স্থানত আক্ৰমণ কৰে।

দলটোত তিনিজন যুৱক আৰু এগৰাকী মহিলা আছিল বুলি ভুক্তভূগী ছাত্ৰীগৰাকীয়ে জানিবলৈ দিছে। প্ৰথমতে মহিলাগৰাকীয়ে বাট আগচি ধৰি কিশোৰীগৰাকীক মুখত সোপা দি বাগিছাৰ মাজলৈ লৈ যায়। ইয়াৰ পিছত দুখন মটৰ চাইকেলৰে আহি তিনিজন যুৱক সেই স্থানত উপস্থিত হোৱাত কিশোৰীগৰাকীয়ে চিঞৰ-বাখৰ কৰাত ব্লেডৰে আক্ৰমণ কৰি পলয়ন কৰে ৷

দুৰ্বৃত্তৰ দলটোৰ হাতত চোকা অস্ত্ৰ প্ৰত্যক্ষ কৰিছিল কিশোৰীগৰাকীয়ে ৷ স্থানীয় ৰাইজে জিনজিয়া আৰক্ষীক ঘটনা সম্পৰ্কে অৱগত কৰাৰ পিছতে সেই স্থানত আৰক্ষী উপস্থিত হৈ ছাত্ৰীগৰাকীক চিকিৎসাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰে।

ইফালে খবৰটো বিয়পি পৰাৰ লগে লগে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় আৰু শতাধিক পুৰুষ মহিলা জিনজিয়া আৰক্ষী থানাত উপস্থিত হৈ অতি শীঘ্ৰে দুৰ্বৃত্তৰ দলটোক কৰায়ত্ব কৰিবলৈ দাবী জনায়। বৰ্তমানলৈকে দুৰ্বৃত্তক চিনাক্ত কৰিব পৰা নাই আৰক্ষীয়ে।

এই ঘটনাৰ পিছতে অঞ্চলটোৰ ছাত্ৰী আৰু মহিলাসকল শংকিত হৈ পৰিছে ৷  স্থানীয়  ৰাইজে নাৰীৰ সুৰক্ষা বিচাৰি ডেকাপথাৰত বৃহস্পতিবাৰে বিয়লি প্ৰতিবাদ সাব্যস্ত কৰে ৷ অৱশ্যে কি উদ্দেশ্যৰে দুৰ্বৃত্তৰ দলটোৱে এই কাৰ্য সংঘটিত কৰিলে সেইয়া এতিয়াও স্পষ্ট হোৱা নাই ৷