বিহালীত প্ৰাৰ্থীত্ব কেন্দ্ৰীক সংঘাতঃ বান পৰিস্থিতি নিয়ন্ত্ৰণ হ'লেই যাব মুখ্যমন্ত্ৰী... 
অসম

বিহালীত প্ৰাৰ্থীত্ব কেন্দ্ৰীক সংঘাতঃ বান পৰিস্থিতি নিয়ন্ত্ৰণ হ'লেই যাব মুখ্যমন্ত্ৰী...

Asomiya Pratidin

ডিজিটেল সংবাদ বিহালীঃ ৰাজ্যৰ সৰ্বত্ৰে বান বিভীষিকা ৷ তাৰ মাজতো শেহতীয়াকৈ হাই প্ৰফাইল সমষ্টিলৈ পৰিণত হোৱা বিহালীত অব্যাহত আছে উপ-নিৰ্বাচনৰ বতাহ৷ বিশেষকৈ বিহালীত শাসকীয় দল বিজেপিৰ প্ৰাৰ্থীত্বকলৈ চলিছে সাংসদ ৰঞ্জিত দত্ত আৰু মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ পল্লৱলোচন দাসৰ মাজত সংঘাটৰ জুই৷

বিহালীলৈ আহি ৰাজ্যিক সভাপতি ভবেশ কলিতা আৰু উপ-নিৰ্বাচনৰ বাবে বিজেপিয়ে গঠন কৰা উপ-সমিতিয়েও নিৰ্মূল কৰিব নোৱাৰিলে এই দুই নেতাৰ সংঘাত৷ বিহালীত ৰঞ্জিত দত্তৰ চক্ৰবেহু ভেদ কৰি সমষ্টিটোৰ চুকে কোণে সোমাই ৰাইজৰ সমৰ্থন আদায়ৰ চেষ্টা অৱ্যাহত ৰাখিছে পল্লৱলোচন দাসে৷

অনাগত দিনত সমষ্টিটোত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনত সমষ্টিটোৰ পৰা বিজেপিৰ টিকট লাভ কৰাৰ আশাত পল্লৱ লোচন দাসে সমষ্টিৰ চুক-কোণে ঘূৰি ফুৰিছে৷ বিগত ২০০১ চনৰ পৰা ২০২৪ চনলৈকৈ ২০ বছৰ কাল বিজেপিৰ বিধায়ক তথা প্ৰাক্তন কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ দখলত থকা সমষ্টিটোত বাট-পথৰ অৱস্থা শোচনীয়, শৈক্ষিক সমস্যাৰ উপৰিও কেতবোৰ জ্বলন্ত সমস্যা প্ৰতক্ষ্য কৰিছে পল্লৱলোচন দাসে৷

বিধায়কহীন বিহালী উন্নয়নৰ দিশত আজিও পিছ পৰি আছে বহুখিনি আৰু ৰঞ্জিত দত্ত বিহালীৰ চাৰিবাৰকৈ বিধায়ক হ'ল যদিও বিহালীত কৰিবলৈ বাকী থাকিল বহু কাম ৷ অভিভাৱকহীন বিহালীৰ সমস্যা সমাধানৰ বাবে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিহালীলৈ আহিবলৈ অনুৰোধ জনালে বিজেপিৰ ৰাজ্যিক সাধাৰন সম্পাদক পল্লৱ লোচন দাসে ৷

বিধায়কহীন বিহালীৰ জ্বলন্ত সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰীলৈ অপেক্ষা কৰিছে পল্লৱ লোচন দাসে ৷ ৰাজ্যৰ বান সমস্যা অন্ত পৰিলেই বিহালীৰ ৰাইজৰ সমস্যা সম্পৰ্কে বুজ ল'বলৈ আহিব মুখ্যমন্ত্ৰী ৷

ৰাইজৰ সমস্যা বুজ লোৱাৰ লগতে পল্লৱ লোচন দাস আৰু ৰঞ্জিত দত্তৰ মাজৰ সংঘাত দূৰ কৰাৰ চেষ্টা চলাব মুখ্যমন্ত্ৰীয়ে ৷ ইতিমধ্যে বিহালীত পল্লৱলোচন দাসক ৰাজনৈতিক ভাবে বধ কৰিবলৈ ৰঞ্জিত দত্তই বিশ্বনাথ জিলা বিজেপিৰ সভাপতি তথা চাহ জনগোষ্ঠীয় নেতা দিগন্ত ঘাটোৱাৰ, একালৰ ৰঞ্জিত দত্তৰ ৰাজনৈতিক শত্ৰু তথা ন-বিজেপি জয়ন্ত বৰা আৰু শেহতীয়াকৈ বিহালী মণ্ডলৰ সাধাৰন সম্পাদক তথা গোৰ্খা নেতা সুমন শৰ্মাক প্ৰাৰ্থী হিচাপে প্ৰচাৰত নমাইছে৷

প্ৰতিগৰাকী প্ৰাৰ্থীত্বপ্ৰত্যাশীয়েই নিজৰ নিজৰ সমৰ্থকক লগত লৈ সভা-সমিতি পাতি সমৰ্থন লাভৰ চেষ্টা অব্যাহত ৰাখিছে। ইফালে কোনো কাৰণতেই ৰঞ্জিত দত্তই বিহালীৰ ক্ষমতা গতাব বিচৰা নাই পল্লৱলোচন দাসক৷

পল্লৱলোচন দাসকো লাগে বিহালীৰ ক্ষমতা, ৰঞ্জিত দত্তকো লাগে বিহালীৰ ক্ষমতা। যাৰ ফলত সম্প্ৰতি ছেদেলি-ভেদেলি হৈ পৰিছে বিহালী বিজেপি৷ অনাগত দিনত সমষ্টিটোত টিকট প্ৰদান কেন্দ্ৰীক যুঁজত যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগত ৰঞ্জিত দত্তৰ এখন মুকলিকৈ বিসম্বাদ চলিব সেইয়া প্ৰায় নিশ্চিত ৷