খেল ধেমালি  
অসম

বিভিন্ন খেল-ধেমালিৰে জামুগুৰিহাটত বিহু উদযাপন

ৰাজ্যখনৰ অনন্য প্ৰান্তৰ লগতে শুকুৰবাৰে গৰু বিহুৰ দিনা জামুগুৰিহাটটো উদযাপন কৰা হয় বিহু ৷

Asomiya Pratidin

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ ৰাজ্যখনৰ অনন্য প্ৰান্তৰ লগতে শুকুৰবাৰে গৰু বিহুৰ দিনা জামুগুৰিহাটটো উদযাপন কৰা হয় বিহু ৷ লগতে চেঁচাসত্ৰ নামঘৰ প্ৰাঙ্গনত আজি অনুষ্ঠিত হয় যুৱক, যুৱতী, মহিলাসকলৰ বিহুৰ লগতে অন্যান্য খেল-ধেমালি ।

বিগত বহু বছৰ ধৰি চেঁচাসত্ৰ গাঁৱৰ যুৱক-যুৱতী তথা ৰাইজে এই গৰু বিহুৰ দিনা এনেদৰে উদযাপন কৰি আহিছে বিহুকে ধৰি বিভিন্ন খেল ধেমালি । এই অঞ্চলৰ শিশুৰ পৰা যুৱক-যুৱতী তথা ৰাইজে গৰু বিহুৰ দিনা পুৱা গৰু নোৱাই-ধুৱাই নিজেও গা ধুই ওলাই আহে চেঁচাসত্ৰ গাঁৱৰ নামঘৰ প্ৰাঙ্গনলৈ ।

বিহু

নামঘৰ প্ৰাঙ্গনত সকলো একগোট হৈ বিহু অনুষ্ঠিত কৰাৰ পাছত আৰম্ভ হয় বিভিন্ন খেল ধেমালি । শিশুৰ পৰা বয়োজ্যেষ্ঠলৈকে সকলোৱে এই খেলত অংশ গ্ৰহণ কৰে । প্ৰতিবাৰৰ দৰে এইবাৰো অনুৰূপভাৱে আজি পুৱা সকলো আহি গোট খাই বিহু অনুষ্ঠিত কৰাৰ পাছতে আৰম্ভ হয় কলহ ভঙা,ৰছী টনা, সংগীত চকী আৰু চকু বান্ধি হাঁহ ধৰা আদি প্ৰতিযোগিতা ।

গাঁৱৰ লগতে অঞ্চলটোৰ শিশুৰ পৰা যুৱক-যুৱতীসকলে অংশগ্ৰহণ কৰা উক্ত খেলসমূহৰ বিশেষকৈ ৰছী টনা, চকুত বান্ধি হাঁহ ধৰা আদি খেলসমূহে উপস্থিত ৰাইজক বিশেষভাৱে মনোৰঞ্জন দিয়ে । উক্ত অনুষ্ঠানত অঞ্চলটোৰ বহু সংখ্যক ৰাইজ উপস্থিত থাকে ।