অসম

‘বচাওক মোক’ ! তামিলনাডুত জয়মালাৰ মৰণ কাতৰ চিঞৰ…

asomiyapratidin

মৃদুল কুমাৰ সন্দিকৈ

তামিলনাডুত কান্দিছে অসমৰ জয়মালাই। নিৰ্যাতনৰ বলি হৈ যোৱা ১৩/১৪ বছৰে এক দুৰ্বিহস জীৱন কটোৱা জয়মালা উৰফে জয়মল্যাৰ্থকৰ সদয় হ'বনে অসমৰ বন বিভাগ? সেই অত্যাচাৰৰ বাবে দায়ী যেনেকৈ জয়মালাক অত্যাচাৰ কৰা সকল, সমানে দায়ী অসম চৰকাৰ আৰু ৰাজ্যখনৰ বন বিভাগ।

২০০৮ চনৰ কথা। ৰাজ্যৰ বন বিভাগৰ সেউজ সংকেত আৰু উদ্যোগতে জয়মালাক ৬ মাহৰ বাবে তামিলনাডুৰ এটা মন্দিৰলৈ লীজত পঠিওৱা হৈছিল। লীজত দিয়া এই হাতীজনী ৬ মাহ উকলি যোৱাৰ পাছতো উভতাই অনা নহ'ল। ধৰ্মৰ নামৰ পূণ্য আৰ্জিবলৈ যোৱা মন্দিৰতেই তাৰ পাছত চলিল এই হাতীজনীৰ ওপৰত নিৰ্মম অত্যাচাৰ।

পিপলছ ফৰ দ্যা এথিকেল ট্ৰীটমেন্ট অফ এনিমেলছ ইণ্ডিয়া চমুকৈ পেটা নামৰ সংগঠন এটাই এই তথ্য অনুসন্ধানসহ পোহৰলৈ অনাই নহয় অসম আৰু তামিলনাডুৰ বন বিভাগক দুৰ্ভগীয়া হাতীজনীক ৰক্ষা কৰিবলৈ অনুৰোধ জনাইছে।

তামিলনাডুৰ বন বিভাগৰ হাতত সংগঠনটোৱে জয়মালাৰ ওপৰত চলা অত্যাচাৰৰ সবিস্তাৰ প্ৰতিবেদন ইতিমধ্যে জমা দিছে। তামিলনাডুৰ শ্ৰীভিলিপথুৰ নাছিয়া থিৰুকোভিল মন্দিৰৰ চৌহদত নিতৌ মাউতে অত্যাচাৰ চলাই হাতীজনীক। ভাইৰেল হৈছে সেই অত্যাচাৰৰ ভিদিঅ'।

অসহায় হাতীজনীৰ ভৰিত শিকলিৰে বান্ধি চোকা অস্ত্ৰৰে মাউতে বাৰে বাৰে প্ৰহাৰ কৰে। যান্ত্ৰণাত হাতীজনীয়ে গগন ফালি চিঞৰে। কিমান দুখ আৰু যান্ত্ৰণা পালে এজনী হাতীয়ে এনেকৈ চিঞৰিব পাৰে। বন সুৰক্ষাৰ বিভিন্ন আইন আছে। এই আইনৰ অধীনত এই মাউতজনৰ বিৰুদ্ধে বা হাতীটোৰ এনেদৰে বন্দী কৰি অত্যাচাৰ চলোৱা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ দাবী কৰিছে।

পেটা ইণ্ডিয়াই হাতীজনী চাবলৈ যোৱাৰ সময়ত মাউতে হাতীজনীৰ ফটো বা ভিদিঅ' লোৱাত বাধা দিছিল। উল্লেখ্য যে ইয়াৰ পূৰ্বেও জয়মালাক অত্যাচাৰ চলোৱা দৃশ্য ভাইৰেল হৈছিল। হাতীৰ ওপৰত এইদৰে বৰবৰ অত্যাচাৰ চলোৱা আৰু এনেকৈয়ে হাতী ৰাজ্যৰ বাহিৰলৈ বন বিভাগে প্ৰেৰণ কৰাৰ কাৰ্যক বন্ধ কৰাৰ দাবী উঠিছে।

ৰাজ্যৰ বন বিভাগে এই হাতীজনীৰ ক্ষেত্ৰত কি ব্যৱস্থা লয় সেয়া এতিয়াও জানিব পৰা হোৱা নাই। কিন্তু পৰিতাপৰ কথা যে তামিলনাডুৰ মন্দিৰত মুঠ ১২৭টা অসম আৰু অৰুণাচলৰ হাতী আছে। ইয়াৰে ৩১টা তামিলনাডুৰ বিভিন্ন মন্দিৰত, ৩২ ব্যক্তিগত লোকৰ জিম্মাত আৰু ৬৪টা বন বিভাগৰ বিশেষ শিবিৰত আছে।

তামিলনাডুৰ বন বিভাগে মাদ্ৰাছ উচ্চ ন্যায়ালয়ত এক শপতনামা দাখিল কৰিছিল। শপতনামাত উল্লেখ কৰা হৈছিল এইসমূহ তথ্য। লক্ষ্যণীয় যে তামিলনাডুত থকা বহু হাতীৰ অনুজ্ঞাপত্ৰ অসমৰ লোকৰ নামত আছে। উদাহৰণ স্বৰূপে মাদুৰাই তিৰুপ্পাৰনকুন্দম সুব্ৰামনিয়া স্বামী মন্দিৰত আছে প্ৰেৰণা নামৰ এটা হাতী। এই হাতীটোৰ অনুজ্ঞাপত্ৰ আছে অসমৰ লীলা বৰা নামৰ লোকজনৰ হাতত।

একেদৰে তামিলনাড়ুৰ মাদুৰাইৰে কাল্লা জাহগৰ মন্দিৰত থকা আন এটা হাতীৰ অনুজ্ঞা পত্ৰ আছে অসমৰ প্ৰদীপ দলেৰ নামত। আনহাতে তামিলনাডুৰে তিৰুচিৰ তিৰুভানাইকাভলৰ জাম্বুৰকেশৱাৰ অকিলেন্দচৰী মন্দিৰত থকা একিলা নামৰ হাতীটোৰ অনুজ্ঞাপত্ৰ অসমৰ চন্দ্ৰকান্ত হাজৰিকাৰ নামত আছে।

প্ৰশ্ন হয় এনেদৰে অসমৰ ব্যক্তিৰ নামত অনুজ্ঞাপত্ৰ বন বিভাগে দিয়াৰ পাছত সেই হাতীবোৰ কিধৰণে গৈ তামিলনাডুৰ মন্দিৰ বা ব্যক্তিৰ কাষ পাইগৈ। হাতীৰ ওপৰত এই অত্যাচাৰ তামিলনাডুৰ মন্দিৰত নতুন কথা নহয়। জীৱজন্তুৰ প্ৰতি ধৰ্মীয় পীঠ স্থানত চলা অত্যাচাৰ অতি গুৰুত্ব।

পিপলছ ফৰ দ্যা এথিকেল ট্ৰিটমেন্ট অফ এনিমেলৰ ডিৰেক্টৰ অফ এদভকেছি প্ৰজেক্টৰ সঞ্চালক খুছবু গুপ্তাৰ মতে "…Because mahout after mahout beats and harms Jeymalyatha and because she's being kept illegally in the first place, authorities must seize this elephant for rehabilitation at a sanctuary where she can live in the company of other elephants, unchained,".

অসমৰ পৰা এনেকৈ নিয়া বহু হাতীৰ অত্যাচাৰৰ ফলত মৃত্যু হৈছে। মাউতৰ অত্যাচাৰৰ বাবেই দেৱানাই নামৰ হাতীটোৰ মাদুৰাই সুব্ৰামনিয়া স্বামী মন্দিৰত মৃত্যু হৈছিল। আন এটা মন্দিৰত মাউতে অত্যাচাৰ চলাই হত্যা কৰিছিল মাচিনি নামৰ হাতীটোক। মাউতৰ অত্যাচাৰৰ বলি হোৱা আন এটা হাতী হ'ল মধুমতী।

অসম-অৰুণাচলৰ পৰা গোপনে হাতী সৰবৰাহ হয়। হাতীৰ এই চোৰাং বেহা ৰোধ কৰিবৰ বাবে প্ৰকৃতি প্ৰেমী সংগঠনে বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছে। তাৰ মাজতে ৰাজ্যৰ পৰা বহি ৰাজ্যলৈ প্ৰেৰণ কৰা হাতীৰ ওপৰত চলা এই অত্যাচাৰৰ কাহিনী বিশ্বজুৰি চৰ্চা হৈছে।

বৰ্তমান অত্যাচাৰৰ বলি হোৱা জয়মালা কোনে কি পৰিৱেশ পৰিস্থিতত লীজত পঠাইছিল তাৰ তদন্ত হ'ব লাগে। অসমত হাতীৰ অনুজ্ঞা পত্ৰ লৈ বহি ৰাজ্যলৈ প্ৰেৰণ কৰা সেই হাতী গৰাকী সকলৰ হাতীৰো হিচাপ ল'ব লাগে বন বিভাগে। এতিয়া বন বিভাগৰ প্ৰাথমিক দায়িত্ব তামিলনাডুৰ বন বিভাগৰ সৈতে কথা পাতি এই দুৰ্ভগীয়া হাতী জনীক উদ্ধাৰৰ ব্যৱস্থা কৰা। কিয়নো গুৰুজনাই কৈ যোৱাৰ দৰে – কুকুৰ শৃগাল, গৰ্দ্দভৰো আত্মাৰাম।/ জানিয়া সবাকো পৰি কৰিবা প্ৰণাম ।।