ROAD ACCIDENT  
অসম

ই-ৰিক্সাত খুন্দা সুৰামত্ত চালকৰ, আহত কেইবাজনো

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিলাসীপাৰাৰ হালং বজাৰত বৃহস্পতিবাৰে নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। তীব্রবেগী ইয়ন বাহনে মহটিয়াই নিয়ে এখন ই-ৰিক্সাক।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ৭গৰাকীকৈ যাত্রী। ইতিমধ্যে আহতসকলক বিলাসীপাৰা আদৰ্শ চিকিৎ‍সালয়ত ভৰ্তি কৰোৱা হৈছে।

ইয়াৰে দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। ইয়নখনৰ চালকে অত্যধিক সুৰাপান কৰাৰ বাবেই সংঘটিত দুৰ্ঘটনা হোৱা বুলি ধাৰণা কৰা হৈছে। চালকক আটক কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।