অসম

৬ বিঘাৰো অধিক মাটিত ড্ৰাগনৰ খেতি কৰি লাভান্বিত তামুলপুৰৰ বিমল নাৰ্জাৰী…

asomiyapratidin

ডিজিটেল সংবাদ তামুলপুৰঃ তামুলপুৰ জিলাৰ অন্তৰ্গত কুমাৰিকাটাৰ বিমল নাৰ্জাৰীয়ে ড্ৰাগনৰ খেতি কৰি সফল হৈছে । জানিব পৰা মতে নাৰ্জাৰীয়ে নিজৰ ৬ বিঘাৰ বেছি মাটিত ড্ৰাগনৰ খেতি কৰি বহু লাভান্বিত হোৱা বুলি তেওঁ জনাইছে।

যি সময়ত উঠি অহা যুৱক-যুৱতীসকলে খেতি কৰাৰ প্ৰতি আগ্ৰহ নোহোৱা হৈছে, তেনে সময়তে মন আকৰ্ষণ কৰিছে বিমল নাৰ্জাৰীয়ে। জানিব পৰা মতে তেওঁ প্ৰতি কিলো ড্ৰাগন ফলৰ দাম চাৰিশকৈ বিক্ৰী কৰি আছে । যত দুটা ড্ৰাগন ফল এক কিলোগ্ৰাম ওজনৰ হয় বুলিও তেওঁ জনায়।

বৰ্তমান তেওঁ তিনিশ কিলোৰ বেছি ড্ৰাগন ফল বিক্ৰী কৰি বহু লাভান্বিত হোৱা বুলি জনাইছে । এবাৰ ড্ৰাগন পুলি ৰোপণ কৰিলেই কমেও বিশ বছৰলৈকে ফল দি থাকে বুলিও জনাইছে। সেইহে উঠি অহা প্ৰজন্মই এই খেতিৰ ওপৰত মন দিয়াৰ সময় আহি পৰিছে বুলিও কয় বিমল নাৰ্জাৰীয়ে।