অসম

চোৰাং চিকাৰীৰ ৰম্যভূমিত পৰিণত লাওখোৱা অভয়াৰণ্য

Asomiya Pratidin

ডিজিটেল ডেস্কঃ লাওখোৱা অভয়াৰণ্যৰ দাঁতিকাষৰীয়া বিভিন্ন জলাশয় চোৰাং চিকাৰীৰ ৰম্যভূমিত পৰিণত হৈছে। নিশা হ'লেই অভয়াৰণ্যৰ দাঁতিকাষৰীয়া খাল-বিল সমূহত চোৰাং চিকাৰী নামি পাৰে বনৰীয়া চৰাই নিধনত। একাংশ চোৰাং চিকাৰীয়ে বিভিন্ন সজুঁলি ব্যৱহাৰ কৰি আৰু জাল পাতি বনৰীয়া চৰাই নিধনত লিপ্ত হ'বলৈ আৰম্ভ কৰিছে।

শুকুৰবাৰে জুৰীয়াৰ বিভিন্ন ঠাইত জুৰীয়া আৰক্ষী তথা সুতিৰ পাৰৰ পৰা অহা বন বিভাগৰ এটি দলে চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান চলায়। তেলিয়া বেবেজীয়াত চলোৱা অভিযানত দলটোৱে কেবাটাও বনৰীয়া চৰাই চিকাৰ কৰা জাল জব্দ কৰিবলৈ সক্ষম হয়। এই পৰ্যন্ত কোনো লোকক কৰায়ত্ত কৰিব পৰা নাই বন বিভাগে। চোৰাং চিকাৰীৰ বিৰুদ্ধে বন বিভাগ সৰৱ হৈছে যদিও চোৰাং চিকাৰীক দমন কৰিবলৈ সক্ষম হব পৰা নাই।

নিশা হ'লেই লাওখোৱা অভয়াৰণ্যৰ দাঁতি কাষৰীয়া সুতিৰপাৰ, কাষৰী, বৰুণগুৰি, নামা কালিয়াডিংঙা, ফুটালজাৰ, শালপাৰা, শিঙিমাৰী, বালুচৰ, ঔ-আনা, তেলিয়া বেবেজীয়াত আদি গাওঁ সমূহত একাংশ চোৰাং চিকাৰীয়ে বিভিন্ন বাদ্য যন্ত্ৰ তথা জাল পাতি নিতৌ শ শ বনৰীয়া চৰাই নিধন কৰাৰ অভিযোগ উত্থাপন হৈছে।

শীতকালত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিভিন্ন দেশৰ পৰা লাওখোৱা অভয়াৰণ্য তথা ইয়াৰ ওচৰ পাজৰে থকা জলাশয়সমূহলৈ পৰিভ্ৰমী চৰাইৰ আগমণ ঘটিছে।