অসম

কামপুৰত শ্ৰী শ্ৰী বিষ্ণু মেলা আৰু দৌল উৎসৱৰ প্ৰস্তুতি

Asomiya Pratidin

ডিজিটেল সংবাদ, কামপুৰঃ বিগত বৰ্ষৰ দৰে এই বৰ্ষটো কামপুৰ কাৱৈমাৰী "আঞ্চলিক বিষ্ণুপুৰী থান" প্ৰাংগনত অহা ইংৰাজী ২৩মাৰ্চৰ পৰা ২৮ মাৰ্চলৈ ৬ দিনীয়া কায্যসুচীৰে শ্ৰী শ্ৰী বিষ্ণ মেলা আৰু দৌল উৎসৱৰ আয়োজন কৰা হৈছে।

উল্লেখ্য যে ৪৭ তম বৰ্ষত খোজ পেলোৱা এই ঐতিয্যমণ্ডিত মহোৎসৱ ভাগৰ প্ৰস্তুতিৰ কাম প্ৰায় শেষ হৈছে। কামপুৰ কাৱৈমাৰিত অনুস্থিত হ'বলগীয়া এই মহোৎসৱত বিভিন্ন ধৰণৰ কায্যসুচীৰ লগতে বিভিন্ন বাৰেৰহনীয়া সাংস্কৃতিক অনুস্থানৰো আয়োজন কৰিছে। লগতে এই উৎসৱৰ এইবাৰ বিশেষ আৰ্কষণ শিশু শিল্পীসকলৰ দ্ধাৰা প্ৰৰ্দশিত আধুনিক অংকীয়া নাট "কুৰুক্ষেত্ৰত পুত্ৰ হত্যাৰ প্ৰতিশোধ" আৰু আমন্ত্ৰিত অসমৰ ভ্ৰাম্যমান জগতৰ আগশাৰীৰ নাট্যদল "বৃন্দাবন থিয়েটাৰ" নাট প্ৰদৰ্শন। ৬দিনীয়াকৈ অনুস্থিত হ'বলগা এই মহোৎসৱ ভাগলৈ সকলো ভক্তপ্ৰান ৰাইজৰ উপস্থিতি কামনা কৰিছে আয়োজক সমিটিয়ে।