সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাক ৰাজ্যজুৰি স্মৰণঃ ধুবুৰীত অসম চৰকাৰৰ অনুষ্ঠান... 
অসম

সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাক ৰাজ্যজুৰি স্মৰণঃ ধুবুৰীত অসম চৰকাৰৰ অনুষ্ঠান...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আজি কলাগুৰু বিষ্ণু ৰাভা দিৱস। ৰাজ্যজুৰি পুৱাৰে পৰা আৰম্ভ হৈছে কলাগুৰুক স্মৰণৰ বিভিন্ন কাৰ্যসূচী। শিক্ষানুষ্ঠান, ৰাজহুৱা অনুষ্ঠানৰ লগতে ব্যক্তি বিশেষে, দল, সংগঠনে সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাক স্মৰণ কৰি বিভিন্ন অনুষ্ঠান আয়োজন কৰিছে।

তেজপুৰস্থিত বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধিস্থলী 'সমন্বয় ক্ষেত্ৰ'ত পুৱাৰে পৰা বিভিন্ন জনে গৈ বিষ্ণুপ্ৰসাদ ৰাভালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হৈছে। চৰকাৰীভাৱে ধুবুৰীৰ ঝাঘৰাপাৰ ষ্টেডিয়ামত কেন্দ্ৰিয়ভাৱে অনুষ্ঠিত কৰা এই অনুষ্ঠানতে প্ৰদান কৰা হ'ব অসম চৰকাৰে প্ৰদান কৰি অহা বিষ্ণু ৰাভা বঁটা।

ইয়াৰোপৰি এইবাৰ এই অনুষ্ঠানতে কেইবাটাও বঁটা প্ৰদান কৰা হ'ব। এইবাৰ ছপা শিল্পী অজিত শীল আৰু নৃত্য শিল্পী গোপাল কৃষ্ণ গোস্বামীলৈ আগবঢ়োৱা হৈছে বিষ্ণু ৰাভা বঁটা।

আনহাতে এই অনুষ্ঠানতে প্ৰদান কৰা হ’ব আন ৩ টা ৰাষ্ট্ৰীয় বঁটা। ২০২২বৰ্ষৰ বাবে শ্ৰী শ্ৰী মাধৱ দেৱ বঁটা আগবঢ়োৱা হৈছে বিশিষ্ট সাহিত্যিক অৰূপ কুমাৰ দত্তলৈ। একেটা বৰ্ষৰ বাবে বীৰ চিলাৰায় বঁটা মৰণোত্তৰ ভাৱে আগবঢ়োৱা হৈছে ছহিদ ভাস্কৰ কলিতালৈ আৰু কালিচৰণ ব্ৰহ্ম বঁটা আগবঢ়োৱা হৈছে ড০ টিয়াতশি জমিৰলৈ।  

ৰাজ্যিক পৰ্যায়ৰ ৩ টা বঁটা ক্ৰমে শোণিত কোঁৱৰ গজেন বৰুৱা বঁটা লোক শিল্পী নকুল দাসক, সতী সাধনী বঁটা বিশিষ্ট বিজ্ঞানী ড০ জয়ন্তী চুতীয়াক আৰু স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা আগবঢ়োৱা হৈছে সমাজ সেৱী বলৰাম ফাংচক। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। তেওঁ বঁটা প্ৰাপকসকলক বঁটাসমূহ প্ৰদান কৰিব।