ৰঙিয়াৰ লাউকুৰীত হৰিমন্দিৰৰ বাৰ্ষিক বিষ্ণু হোম উৎসৱৰ সামৰণি...  
অসম

ৰঙিয়াৰ লাউকুৰীত হৰিমন্দিৰৰ বাৰ্ষিক বিষ্ণু হোম উৎসৱৰ সামৰণি...

Asomiya Pratidin

ডিজিটেল সংবাদ ৰঙিয়াঃ ৰঙিয়াৰ সমীপৱৰ্তী লাউকুৰী গঞাঁ ৰাইজৰ উদ্যোগত অইন বছৰৰ দৰে এইবেলিও আজি বাৰ্ষিক বিষ্ণু হোম অনুষ্ঠিত হয় । দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা হৰিমন্দিৰ প্ৰাংগনত পুৱা ৭ বজাত সমূহীয়াকৈ স্বচ্ছ অভিযানেৰে আৰম্ভ হোৱা বাৰ্ষিক হোমৰ ধৰ্ম ধ্বজা উত্তোলন কৰে জ্যেষ্ঠ সাংবাদিক নয়নজ্যোতি তালুকদাৰে।

কাৰ্যসূচীত ধৰ্ম ধব্বজা উত্তোলন কৰি সাংবাদিকগৰাকীয়ে আধ্যাত্মিক চিন্তাৰ মাজেৰে সমাজত যি এক পৰিবেশ গঢ়ি তোলা হৈছে সেয়া এক শুভ দিশ বুলি উল্লেখ কৰে।তাৰপিছত বৃক্ষৰোপণ আৰু পুৱা ১০ বজাত বিষ্ণু পূজা হয়।

ইয়াৰ পিছতে আয়তীসকলৰ নাম প্ৰসংগৰ লগতে দুপৰীয়া ১২ বজাত নতুন মন্দিৰ গৃহ প্ৰতিষ্ঠা সম্পৰ্কে আলোচনা চক্ৰ অনুষ্ঠিত হয়। ইফালে তাৰপিছত পূৰ্ণাহুতি আৰু ৰাজহুৱা শান্তি, প্ৰসাদ -ভোগ বিতৰণৰ পিছতেই আবেলি ভাগৱত পাঠেৰে বাৰ্ষিক বিষ্ণু হোমৰ সামৰণি পৰে।

এই ভাগৱত পাঠ কৰে লাউকুৰী গঞাঁৰ উদ্ধৱ কলিতাই।আনহাতে ৰঙিয়া বৈদ্যগড় গাওঁ পঞ্চায়তৰ অন্তৰ্ভুক্ত তৰণীৰ বিহদিয়া চুবুৰীৰ গোপাল গোসাঁইৰ নামঘৰটো আধাৰশিলা মুকলি কৰে বিধায়ক ভৱেশ কলিতাই। নামঘৰটি নিৰ্মাণত বিধায়ক পুঁজিৰ ৫ লাখ টকাৰে নিৰ্মিত হ'ব বুলি জনায়।