অসম

বিশ্বনাথত গ্ৰেপ্তাৰ কুখ্যাত চোৰঃ উদ্ধাৰ বৃহৎ পৰিমাণৰ সোণৰ আ-অলংকাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, বিশ্বনাথঃ বিশ্বনাথ চাৰিআলি আৰক্ষীৰ সাফল্য। বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ছামদান হাজুৱালীৰ নেতৃত্বত সোমবাৰে দুটাকৈ গভাইত চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

চোৰ দুটাৰ পৰা আৰক্ষীৰ দলটোয়ে দুডালকৈ সোণৰ চেইন, দুটা সোণৰ আঙুঠি, দুপাত সোণৰ কাণফুলি আৰু দুটা ৰূপৰ আঙুঠি উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ দলটোৱে বিশ্বনাথ নগৰৰ এটা ভাড়াঘৰত অভিযান চলাই বুধু গোৱালা নামৰ গভাইত চোৰটোক গ্ৰেপ্তাৰ কৰাৰ পিছতে আনটো কুখ্যাত চোৰ ৰাজু গগৈকো সূৰ্যপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখ যে, কিছুদিন ধৰি বিশ্বনাথৰ বিভিন্ন স্থানত চোৰে উপদ্ৰৱ অব্যাহত ৰাখিছিল।সমান্তৰালকৈ যোৱা ৩দিন পূৰ্বেও বিশ্বনাথ নগৰৰ মধুপুৰৰ ভদিৰাম কলিতা নামৰ লোকজনৰ ঘৰত দিন দুপৰতে কোনো মানুহ নথকাৰ সুযোগ লৈ ভেণ্টিলেটৰ ভাঙি লুটি নিয়ে লাখ টকাৰ সোণৰ আ-অলংকাৰ আৰু নগদ ধন।

তাৰ পিছতে বিশ্বনাথ আৰক্ষী সক্ৰিয় হৈ পৰিছিল এই চুৰি কাণ্ড সংঘটিত কৰা চোৰৰ দলটোৰ বিৰুদ্ধে। অৱশেষত বিশ্বনাথ আৰক্ষীৰ দলটোয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় গভাইত চোৰৰ দলটোক। আনহাতে চোৰৰ দল পৰা কেৱল সোণৰ আ-অলংকাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাই নহয়, দলটোৰ পৰা নগদ ধনো জব্দ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে চোৰ কেইটাক সোধা-পোছা আৰম্ভ কৰিছে।