অসম

কে'ক প্ৰস্তুত প্ৰশিক্ষণেৰে যুৱতী-মহিলাক স্বাৱলম্বিতাৰ পথ দেখুৱাইছে বিস্মিতা শইকীয়াই

Asomiya Pratidin

ডিজিটেল সংবাদ,ছয়দুৱাৰ : এটা তেনেই চালুকীয়া পৰিৱেশত ডাঙৰ-দীঘল হৈ বিভিন্ন ঘাট-প্ৰতিঘাটৰ মাজেৰে জীৱন যুদ্ধ অব্যাহত ৰখা এগৰাকী শিক্ষিত যুৱতী। নাম তেওঁৰ বিস্মিতা শইকীয়া।

গহপুৰ মহকুমাৰ অন্তৰ্গত বৰঙাবাৰীৰ প্ৰয়াত বিশ্বজিৎ শইকীয়া আৰু নিলীমা শইকীয়াৰ জীয়ৰী বিস্মিতা শইকীয়াই অষ্টম শ্ৰেণীত পঢ়ি থকা অৱস্থাতেই পিতৃক হেৰুৱাই। ইয়াৰ পিছত মাতৃৰ আদৰ আপদাৰত ডাঙৰ দীঘল হৈ স্থানীয় ছয়দুৱাৰ মহাবিদ্যালয়ৰ পৰা অসমীয়া বিভাগত লাভ কৰে স্নাতক ডিগ্ৰী।

শিক্ষিত যুৱতীগৰাকীয়ে চৰকাৰী চাকৰি বিচৰাৰ প্ৰৱণতাত উটি-ভাহি নগৈ বৰঙাবাৰীৰ নিজা ঘৰত গঢ়ি তোলে কে'ক,কুকিজ,পিডজা আৰু বেকাৰী বিস্কুট প্ৰস্তুতৰ এটা ক্ষুদ্ৰ উদ্যোগ। এই উদ্যোগটোৰে বৃহত্তৰ ছয়দুৱাৰ অঞ্চলত এক জাগৰণ সৃষ্টি কৰাৰ লগতে বিস্মিতা শইকীয়াৰ এই সাহসী পদক্ষেপক শলাগ লৈছে অঞ্চলবাসীয়ে।

প্ৰথমে তেনেই চালুকীয়া অৱস্থাত থকা তেওঁৰ এই ক্ষুদ্ৰ উদ্যোগটোৱে দিনক দিনে প্ৰসাৰতা লাভ কৰাত যথেষ্ট উৎসাহী হৈ পৰা বিস্মিতাৰ মুখত এতিয়া হাঁহি বিৰিঙিবলৈ লৈছে। নিষ্ঠা, সততা আৰু একানপতীয়াভাৱে ক্ষুদ্ৰ উদ্যোগটোত মনোনিবেশ কৰা দৃঢ়মণা স্বভাৱৰ বিস্মিতা শইকীয়াৰ এই ক্ষুদ্ৰ উদ্যোগটোত প্ৰশিক্ষণ গ্ৰহণ কৰি বৃহত্তৰ ছয়দুৱাৰ অঞ্চলৰ আগ্ৰহী মহিলা আৰু যুৱতীয়ে স্বাৱলম্বনৰ পথ বাছি লোৱা পৰিলক্ষিত হৈছে।

বিস্মিতা শইকীয়াই ২০২১ চনত ঘৰতে স্থাপন কৰা "বেকাৰ্ছ পইণ্ট অফ বিস্মিতা এণ্টাৰপ্ৰাইজ"(UDYAM-AS- 28-0000498) নামৰ ক্ষুদ্ৰ উদ্যোগটোত ইতিমধ্যে অঞ্চলটোৰ এশৰো অধিক যুৱতী-মহিলাক বিভিন্ন ডিজাইন আৰু ৰুচীৰ কে'ক প্ৰস্তুতৰ প্ৰশিক্ষণ দি তেওঁলোকক কে'ক প্ৰস্তুতৰ বাবে উপযোগী কৰি তুলিছে। কম বয়সতে এক গধুৰ দায়িত্ব মূৰ পাতি লৈ অঞ্চলবাসীৰ মাজত সমাদৃত হৈ পৰা কৰ্মোদ্যমী যুৱতী বিস্মিতা শইকীয়াই কে'ক প্ৰস্তুতৰ প্ৰশিক্ষণ প্ৰদান কৰা শতাধিক যুৱতী আৰু মহিলাৰ মাজৰ পৰা ১০ গৰাকীক মঙলবাৰে বৰঙাবাৰীৰ বি এম ধাবাত অনুষ্ঠিত এক অনুষ্ঠানৰ মাজেৰে আনুষ্ঠানিকভাৱে প্ৰমাণ পত্ৰ প্ৰদান কৰে।

কল্যাণপুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী লখিমী বৰদলৈৰ উপস্থিতিতিত কে'ক প্ৰস্তুতৰ প্ৰশিক্ষণপ্ৰাপ্ত প্ৰিয়ংকা নেওঁগ(বাঢ়ৈ চুক),প্ৰিয়ংকা দাস(ব্ৰহ্মাজান),অপৰাজিতা নাথ(বৰাণীপথাৰ),উপাসনা মহন্ত(বৰঙাবাৰী),শেৱালি সন্দিকৈ(বৰঙাবাৰী),ঈশিকা বৰা(ডিপৰা),পল্লৱী দাস(ঘাঁহিগাঁও),নিকুমণি দাস(বৰঘূলি),মৌচুমী মহন্ত(চন্দামাৰী) আৰু ঝৰ্ণালী বৰা(হেলেমগুৰী)ই আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে প্ৰমাণপত্ৰ।

উক্ত অনুষ্ঠানত লখিমী বৰদলৈয়ে কয় যে বৃহত্তৰ ছয়দুৱাৰ অঞ্চলৰ আগ্ৰহী যুৱতী আৰু মহিলা সকলে কে'ক,বেকাৰী, কুকিজ আদি প্ৰস্তুত কৰি স্বাৱলম্বনৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপ সঁচাকৈ প্ৰশংসনীয়। এইক্ষেত্ৰত বৰঙাবাৰীৰ শিক্ষিত যুৱতী বিস্মিতা শইকীয়াই তেনেধৰণৰ আগ্ৰহী যুৱতী আৰু মহিলা সকলক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত যি ধৰণে অতি কষ্টৰে কাম কৰি গৈছে সেয়া সঁচাকৈয়ে শলাগলবলগীয়া বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে অতি স্বাস্থ্য সন্মত পৰিৱেশত বিজ্ঞান সন্মত ভাৱে বিস্মিতা শইকীয়াৰ ক্ষুদ্ৰ উদ্যোগটোত প্ৰস্তুত হোৱা কে'ক,কুকিজ,পিডজা আৰু বিভিন্ন ধৰণৰ বেকাৰী বিস্কুটে বিশেষ সমাদৰ লাভ কৰিছে গহপুৰ মহকুমাৰ বাণিজ্য ক্ষেত্ৰত।