অসম

বিশ্ব হিন্দু পৰিষদৰ শৌৰ্য্য জাগৰণ ৰথযাত্ৰা

Asomiya Pratidin

ডিজিটেল সংবাদ, হাওৰাঘাট: বিশ্ব হিন্দু পৰিষদৰ উত্তৰ-পূব প্ৰান্তৰ উদ্যোগত মধ্য কাৰ্বি আংলং জিলাৰ সহযোগত শদিয়াৰ পৰা আৰম্ভ কৰা বিশ্ব হিন্দু পৰিষদৰ শৌৰ্য্য জাগৰণ ৰথযাত্ৰা কাৰ্যসূচীৰ বৃহস্পতিবাৰে হাওৰাঘাটত আদৰণি জনোৱাৰ লগতে এখন সভাও অনুষ্ঠিত কৰা হয়।

বিশ্ব হিন্দু পৰিষদৰ শৌৰ্য্য জাগৰণ ৰথযাত্ৰা কাৰ্যসূচীৰ হাওৰাঘাটৰ সভাত আঁত ধৰে বিশ্ব হিন্দু পৰিষদৰ হাওৰাঘাট প্ৰখণ্ডৰ সভাপতি পিন্টু দত্তই। সভাত বিশ্ব হিন্দু পৰিষদৰ বজৰংগ দলৰ উত্তৰ পূব প্ৰান্তৰ প্ৰমুখ জয়ন্ত গগৈ, মধ্য কাৰ্বি আংলং জিলাৰ সভাপতি ৰুলিং ইংহি, সহ সম্পাদক অমৰেন্দ্ৰ শৰ্মা, কাৰ্বি আংলং জিলা বজৰংগ দলৰ প্ৰমুখ ৰামছিনা টেৰণ আদি লোক উপস্থিত থাকে।